লখিমপুৰ,১১ জানুৱাৰী :বেদখলকাৰীৰ বিৰুদ্ধে অসম চৰকাৰ অধিক কঠোৰ হৈছে (Govt strict against encroachment)। শেহতীয়াকৈ বৰপেটাকে ধৰি কেইবাখনো সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ পাছত বনাঞ্চলসমূহো বেদখলমুক্ত কৰাত গুৰুত্ব দিছে চৰকাৰে । লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলতো পৰিছে প্ৰশাসনৰ হাঁতোৰা ।
মঙলবাৰে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাৰ পাছত বুধবাৰে পুৱাৰে পৰা পুনৰ প্ৰশাসনে বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ কৰিছে । দীর্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল প্ৰশাসনে (Eviction drive at Pabho Reserve Forest)। চৰকাৰী তথ্য অনুসৰি বনাঞ্চলৰ মুঠ ৪৬২৫.৮৭ হেক্টৰ ভূমিৰ প্ৰায় ৫০১ হেক্টৰ বেদখলকাৰীৰ কবলত আছে । ইয়াৰে ২৫০ হেক্টৰ হ'ল বনাঞ্চলখনৰ আধাখনা এলেকাৰ আৰু ২০০ হেক্টৰ হ'ল ম'হঘুলি এলেকাৰ ।
উচ্ছেদ অভিযানৰ প্ৰথম দিনাই আধাখনা এলেকাৰ ২৯৯ টা পৰিয়ালৰ অৱশিষ্ট ঘৰ-বাৰী, খেতি পথাৰৰ শস্য় ধ্বংস কৰি পেলোৱা হৈছে । মঙলবাৰৰ সফল অভিযানৰ অন্তত বুধবাৰে পুৱাৰে পৰা ম'হঘুলি এলেকাত উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে (2nd day eviction at Pabho Reserve Forest)। বন বিভাগৰ সূত্ৰৰ মতে এই অঞ্চলটোত ২০০ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত আছে । অঞ্চলটোত প্ৰায় ২০২ টা পৰিয়ালে বনাঞ্চলৰ ভূমি বেদখল কৰি আছিল ।