অসম

assam

ETV Bharat / state

HSLC exam finished: অন্ত পৰিল হাইস্কুল শিক্ষান্ত পৰীক্ষা

ৰাজ্যজুৰি শনিবাৰে অনুষ্ঠিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা (HSLC Assamese exam)। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা পিছুৱাই দিয়া হৈছিল । ইতিমধ্যে প্ৰশ্নকাকত ফাদিল গোচৰত বহু লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু চিআইডিয়ে ।

By

Published : Apr 1, 2023, 12:48 PM IST

HSLC exam finished
অন্ত পৰিল হাইস্কুল শিক্ষান্ত পৰীক্ষা

অন্ত পৰিল হাইস্কুল শিক্ষান্ত পৰীক্ষা

লখিমপুৰ,১ এপ্ৰিল :সমাপ্ত হ'ল বহু চৰ্চিত হাইস্কুল শিক্ষান্ত পৰীক্ষা । প্ৰশ্নকাকত ফাদিলক লৈ বিতৰ্কৰ মাজত সোমাই পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱশেষত শনিবাৰে সমাপ্ত হয় (Assam HSLC exam conclude)। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হোৱা অসমীয়া বিষয়ৰ পৰীক্ষা শনিবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় । সুকলমে অসমীয়াৰ পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ বাবে আনন্দিত শিক্ষাৰ্থী লগতে অভিভাৱকসকল । প্ৰশ্নকাকত ফাদিল গোচৰত অসম আৰক্ষী তথা চৰকাৰৰ পদক্ষেপক আদৰণি জনালে একাংশ অভিভাৱকে ।

উল্লেখ্য যে যোৱা ১৮ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল অসমীয়া বিষয়ৰ পৰীক্ষা । কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে অসমীয়াৰ পৰীক্ষা পিছুৱাই দিয়া হৈছিল আৰু শনিবাৰে অনুষ্ঠিত হয় (HSLC Assamese question paper leaked)। ইয়াৰ লগে লগে অন্ত পৰিল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা । ইফালে লখিমপুৰত ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে ।

উল্লেখ্য যে একাধিক বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ অভিকেন্দ্ৰ ৰূপে চিহ্নিত হৈছিল লখিমপুৰ জিলা । একাংশ শিক্ষকে প্ৰশ্নকাকত ফাদিল কৰি ধন ঘটিবলৈ এই নিকৃষ্ট পন্থা গ্রহণ কৰিছিল । কিন্তু চৰকাৰৰ তৎপৰতাত চিআইডিয়ে অভিযান চলাই লখিমপুৰৰ পৰা ৭ জন শিক্ষক, এজন চতুর্থ বৰ্গৰ কৰ্মচাৰী, দুজন ছাত্রৰ লগতে এজন সাধাৰণ লোককো গ্ৰেপ্তাৰ কৰিছে (Arrested on HSLC question paper leak case)।

এই কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড লুইত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ দত্তৰ লগতে ডফলাকটা জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক পূৰ্ণ পেগু, সহ শিক্ষক প্ৰসন্ন দাস, জগন্নাথ পেগু, কুমুদ ৰাজখোৱাৰ লগতে চতুর্থ বৰ্গৰ কৰ্মচাৰী অনিল দলেক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ উপৰিও অপ্ৰাদেশীকৃত লিগিৰামুখ হাইস্কুলৰ আনন্দ দলে আৰু খেৰকটা হাইস্কুলৰ যতীন দলেক গ্ৰেপ্তাৰ কৰিছে ।

আনহাতে টুটু শৰ্মা নামৰ এজন সাধাৰণ লোকৰ লগতে দুজন ছাত্রকো চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে । এই পৰ্যন্ত জিলাখনৰ পৰা এই কাণ্ডৰ লগত জড়িত ১১ জনক চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে বুলি তথ্য পোৱা গৈছে (CID investigation on HSLC paper leak case)। চিআইডিয়ে এই সন্দৰ্ভত বৰ্তমানেও অভিযান চলাই আছে আৰু ইয়াৰ লগত জড়িত অধিক লোক জালত পৰাৰ সম্ভাৱনা আছে ।

শনিবাৰে পৰীক্ষাৰ্থীৰ সৈতে অহা একাংশ অভিভাৱকেও এই বিষয়ক লৈ সোচ্ছাৰ হৈ পৰে (HSLC question paper leaked)। দুষ্টচক্ৰৰ বাবে ৰাজ্যখনৰ লাখ লাখ পৰীক্ষাৰ্থী সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে অভিভাৱকসকলে । এনে নিকৃষ্ট কাণ্ডক লৈ চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিক প্ৰশংসাও কৰে একাংশ অভিভাৱকে । ইয়াৰ লগত জড়িত কোনো লোককে যাতে ৰেহাই দিয়া নহয় তাৰ বাবে দাবীও জনাই অভিভাৱকসকলে ।

লগতে পঢ়ক :Child Abuse at School: বিদ্যালয়ত কণমানি ছাত্রীক শিক্ষয়িত্ৰীয়ে আতিশয্য চলোৱাৰ অভিযোগ

ABOUT THE AUTHOR

...view details