অসম

assam

ETV Bharat / state

Flood in Lakhimpur: পুনৰ বানৰ কবলত লখিমপুৰ; নীপকোৱে এৰি দিলে প্ৰকল্পৰ পানী - লখিমপুৰ

পুনৰ ভয়ংকৰ বানৰ কবলত লখিমপুৰ জিলা ৷ অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত লখিমপুৰৰ বান পৰিস্থিতি পুনৰ শোচনীয় হৈ পৰে ৷ দুৰ্যোগত অৰিহণা যোগাই নীপকোৱেও পুৱাৰ ভাগত মোকলাই দিছে প্ৰকল্পৰ পানী ৷

Lakhimpur Under the Flood
শোচনীয় লখিমপুৰৰ বান পৰিস্থিতি

By

Published : Jun 21, 2023, 12:28 PM IST

পুনৰ ভয়ংকৰ বানৰ কবলত লখিমপুৰ

লখিমপুৰ, 21 জুন: পুনৰ ভয়ংকৰ বানৰ কবলত লখিমপুৰ জিলা ৷ নাওবৈচাত প্ৰলয় সৃষ্টি কৰিছে শিঙৰা নৈয়ে ৷ কেইদিনমান পূৰ্বে লখিমপুৰৰ নাওবৈচাত শিঙৰা নৈয়ে মথাউৰি ছিগি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ কুৰিখনৰো অধিক গাঁও বুৰাই পেলাইছিল বলিয়া বানে ৷ সামগ্ৰীকভাৱে ৰাইজৰ বিস্তৰ ক্ষতি হৈছিল এই বানত ৷ পৰৱৰ্তী সময়ত বান পৰিস্থিতি কিছু উন্নত হয় আৰু বানাক্ৰান্ত ৰাইজে সামান্য সকাহ পায় ৷ পিছে ৰাইজৰ এই সকাহ মুঠেও স্থায়ী নহ’ল ৷

মঙলবাৰৰ নিশাৰ পৰা অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত লখিমপুৰৰ বান পৰিস্থিতি পুনৰ শোচনীয় হৈ পৰে ৷ ইতিমধ্যে শিঙৰা নদীৰ প্ৰৱল বানত ডুব গৈছে 16 খনৰো অধিক গাঁও ৷ ফলত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ শিঙৰা নৈয়ে পূৰ্বে চিঙা মথাউৰিয়েদি সোমোৱা প্ৰৱল পানীৰ সোঁতত নাওবৈছাৰ শলমৰীয়া, ৰাজআলি, কোঁৱৰপুৰ, বিষ্ণুপুৰ,শলমৰীয়া, ভৰলুৱা, কলাখোৱা, পোটনদলনী, দৰঙীয়া, বালিজান, বৰচলা, চমুৱাকে আদি কৰি প্ৰায় 16 খন গাঁৱৰ ৰাইজে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ৷

এনে দুৰ্যোগৰ সময়তে আকৌ ভূতৰ ওপৰত দানহ পৰাদি সৃষ্টি হৈছে আন এক দুৰ্যোগ ৷ শিঙৰা নৈয়ে প্ৰৱল বানৰ তাণ্ডব সৃষ্টি কৰাৰ সময়তে বুধবাৰে পুৱা নীপকোৱেও ৰঙানদী প্ৰকল্পৰ জলাধাৰাত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে প্ৰকল্পৰ পানী মোকলাই দিয়া হ’ব পাৰে বুলি লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্ক বাৰ্তা প্ৰেৰণ কৰে ৷ ইয়াৰ পিছতে পুৱা 7.15 বজাত প্ৰকল্পৰ এক নং গেট খুলি দিয়ে নীপকোৱে ৷ প্ৰথম অৱস্থাত গেট খন এশ মিলি মিটাৰ খুলিছিল যদিও তিনি ঘন্টাৰ ভিতৰতে এহেজাৰ মিলি মিটাৰ পৰ্যন্ত গেট খুলি দিয়ে নীপকোৱে ৷ যাৰ বাবে ৰঙানদীৰ জলপৃষ্ঠ ক্ৰমে বৃদ্ধি পাই ৷

ৰঙা নদী প্ৰকল্পৰ জলাধাৰাৰ পৰা নদী খনত এৰি দিয়া অতিৰিক্ত জলৰাশিয়ে নদীপৰীয়া অংশত বিপৰ্যয় সূচনা কৰাৰ আশংকা নমাই আনিছে ৷ এফালে শিঙৰাৰ প্ৰৱল বান আনফালে ফেনেফোটোকাৰে বাঢি অহা ৰঙানদীৰ কালৰূপ ৷ এনে বিপজ্জনক পৰিস্থিতিৰ মাজত ভয় আৰু শংকাৰে সময় পাৰ কৰিব লগীয়া হৈছে লখিমপুৰৰ ৰাইজে ৷

লগতে পঢ়ক:Silsako Beel: শিলসাঁকোত আন্দোলন কৰা মানুহে নাজানে অসমীয়া ক’ব: কামিনি মোহন শৰ্মা

ABOUT THE AUTHOR

...view details