লখিমপুৰ, ৩ এপ্রিল:বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই পুনৰ বিপদ মাতিছে সমীপৱৰ্তী ৰাইজলৈ । প্ৰকল্পটোৰ কাষৰীয়া পাহাৰত ভয়ংকৰ ভূমিস্খলন । যোৱা কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান মূল বান্ধৰ কাষত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা(Landslide damages NHPC lower Subansiri Dam) ।
মূল বান্ধৰ কাষত এটা টাৰ্নেলৰ ওপৰত ভয়ংকৰ ৰূপত খহি পৰে পাহাৰৰ মাটি(Landslide on the NHPC diversion tunnel in Lakhimpur) । নেৰানেপেৰা বৰষুণৰ ফলত বাওঁ পাৰৰ পাহাৰ খহি পৰে বান্ধটোৰ ওপৰত । সাম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি নিয়োজিত শ্ৰমিকসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰে কৰ্তৃপক্ষই । ৫ টা ৱাটাৰ টাৰ্নেলৰ দুটা ইতিমধ্যে যোৱা বছৰ বাৰিষাতে বহি যোৱাৰ ফলত এই বৰ্ষৰ বাৰিষাত অত্যাধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে(NHPC Lower Subansiri Dam) ।
উল্লেখ্য দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন নিৰ্মীয়মান প্ৰকল্পটোৰ পৰা অদূৰ ভবিষ্যতে ভূমিকম্প বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰি শতাধিক দল-সংগঠন তথা ৰাইজে লখিমপুৰ ধেমাজিত দশকৰো অধিক কাল প্ৰতিবাদ, আন্দোলন কৰি আহিছে । পিছে ভূমিকম্পৰ কথা বাদেই এতিয়া এজাক বৰষুণতে প্ৰকল্পটোৱে দুৰ্যোগ নমাই আনিছে(Lower Subansiri Hydropower Poject) ।