অসম

assam

By

Published : Jan 24, 2021, 2:16 PM IST

ETV Bharat / state

লখিমপুৰৰ বগীনদীত ৮৯৪ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ

শিৱসাগৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে পট্টা বিতৰণ কৰাৰ পাছতে বগীনদীতো পট্টা বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হয় । কদম ৰাজহ চক্ৰ, দুৰ্যোগ ব্যৱস্থাপনা আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বগীনদীৰ গাঁওবুঢ়া ভৱনত অনুষ্ঠিত এখন সভাত পট্টা বিতৰণ কৰা হয় ৷

লখিমপুৰৰ বগীনদীত ৮৯৪ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ
লখিমপুৰৰ বগীনদীত ৮৯৪ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ

লখিমপুৰ, 24 জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদীতো ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ৷ উল্লেখযোগ্য যে, শিৱসাগৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে পট্টা বিতৰণ কৰাৰ পাছতে বগীনদীতো পট্টা বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হয় । কদম ৰাজহ চক্ৰ, দুৰ্যোগ ব্যৱস্থাপনা আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বগীনদীৰ গাঁওবুঢ়া ভৱনত অনুষ্ঠিত এখন সভাত পট্টা বিতৰণ কৰা হয় ।

লখিমপুৰৰ বগীনদীত ৮৯৪ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ
জানিব পৰা মতে, কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৯৪টা পৰিয়ালক আজি ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় । এই আৱণ্টন পত্ৰ বিতৰণ সভাত কদম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গোপাল শৰ্মা, সংলগ্ন চক্ৰ বিষয়া ইলিমা কান্দুলানা, সমাজ সেৱক চন্দ্ৰ কুমাৰ নাৰ্জাৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বগীনদী জেষ্ঠ নাগৰিকৰ সন্থাৰ সম্পাদক জগত চন্দ্ৰ বড়া, পুতুল শইকীয়াৰ লগতে ৰাজহ চক্ৰৰ মণ্ডল, গাঁওবুঢ়া সকল উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details