অসম

assam

লখিমপুৰৰ বঙালমৰাত লোমহৰ্ষক হত্যাকাণ্ড

By

Published : Jul 24, 2020, 9:09 PM IST

লখিমপুৰৰ বঙালমৰা তিনিঠেঙীয়াত নুৰুজামান নামৰ এজন লোকে নিজ পত্নীক চোকা অস্ত্ৰৰে হত্যা কৰে ৷ ইয়াৰ উপৰিও সন্তান সহ পৰিয়ালৰ আন লোককো হত্যাৰ চেষ্টা চলায় হত্যাকাৰী নুৰুজামানে ৷ ইপিনে এই হত্যাকাণ্ডৰ পিছতে ঘটনাস্থলীত ঘটে আন এক ঘটনা ৷ হত্যাকাৰী নুৰুজামানক বাধা দিবলৈ যাওঁতে ওচৰ-চুবুৰীয়াকো আক্ৰমণৰ লক্ষ্য কৰি লয় নুৰুজামানে ৷

LAKHIMPUR'S MURDER CASE
লখিমপুৰৰ বঙালমৰাত লোমহৰ্ষক হত্যাকাণ্ড

বিহপুৰীয়া,24 জুলাইঃৰাজ্যত পুনৰ সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ৷ লখিমপুৰৰ বঙালমৰা তিনিঠেঙীয়াত নুৰুজামান নামৰ এজন লোকে নিজ পত্নীক চোকা অস্ত্ৰৰে হত্যা কৰে ৷ ইয়াৰ উপৰিও সন্তানসহ পৰিয়ালৰ আন লোককো হত্যাৰ চেষ্টা চলায় হত্যাকাৰী নুৰুজামানে ৷

লখিমপুৰৰ বঙালমৰাত লোমহৰ্ষক হত্যাকাণ্ড

ইপিনে এই হত্যাকাণ্ডৰ পিছতে ঘটনাস্থলীত ঘটে আন এক ঘটনা ৷ হত্যাকাৰী নুৰুজামানক বাধা দিবলৈ যাওঁতে ওচৰ-চুবুৰীয়াকো আক্ৰমণৰ লক্ষ্য কৰি লয় নুৰুজামানে ৷ ইয়াৰ উপৰিও ঘটনাস্থলীত উপস্থিত বঙালমৰা আৰক্ষী চকীৰ উপ পৰিদৰ্শক অৰ্জন সিং সহ আন দুজন আৰক্ষীকো আক্ৰমণ কৰে হত্যাকাৰী নুৰুজামানে ৷ পৰিস্থিতি ভয়ংকৰ হোৱাত ঘটনা নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ গুলীচালনাত আহত হয় ৰমজান আলী নামৰ অন্য এজন ব্যক্তি ৷ আনহাতে,বহু দেৰিৰ অন্তত অৱশেষত আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম হয় হত্যাকাৰী নুৰজামানক । উল্লেখযোগ্য যে,হত্যাকাৰী নুৰজামালৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছে চাৰিজনকৈ লোক ৷

এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি অব্যাহত আছে আতংকময় পৰিস্থিতিৰ ৷ হত্যাকাৰী নুৰজামালৰ কঠোৰ শাস্তি দাবী কৰিছে এতিয়া অঞ্চলবাসী ৰাইজে ৷

লগতে পঢ়কঃ ৰাজস্থান ৰাজনৈতিক সংকট : পাইলটৰ আবেদনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details