অসম

assam

ETV Bharat / state

ইংৰাজী ভাষাৰ ফলকত ক'লা ৰং - workers applies black ink

লখিমপুৰৰ অলিয়ে গলিয়ে অসমীয়া যুৱ মঞ্চৰ সদস্য

ইংৰাজী ভাষাৰ ফলকত ক'লা ৰং

By

Published : Mar 18, 2019, 5:17 PM IST

লখিমপুৰ, 18 মাৰ্চ : লখিমপুৰ চহৰৰ মাজমজিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ইংৰাজী নামফলত ক'লা ৰং সানিলে অসমীয়া যুৱ মঞ্চই ৷ অসমীয়া ভাষা নামফলক লগোৱাৰ দাবীত সোমবাৰো ওলাই আহিল সংগঠনটো ৷ হাতে হাতে ক'লা ৰং ভৰ্তি বাল্টি লৈ অসমীয়া ভাষা ৰক্ষাৰ বাবে চহৰখনৰ মাজ মজিয়াত থকা বিপণী সমূহৰ ইংৰাজীত লিখা নামফলকত ক'লা ৰং সানি মচি পেলালে প্ৰতিষ্ঠানৰ নাম ৷
1960 চনৰ ভাষা আইনক সন্মান জনাই লখিমপুৰ অসমীয়া যুৱ সমিতিৰ যুৱ মঞ্চই দাবী জনাই আহিছে যদিও ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে মইমতালি দেখুৱাই অহাত এনেদৰে ওলাই আহে সমিতিৰ সদস্যসকলে ৷

ইংৰাজী ভাষাৰ ফলকত ক'লা ৰং

ABOUT THE AUTHOR

...view details