অসম

assam

ETV Bharat / state

Weaver story of Lakhimpur: মালতীৰ হাতৰ পৰশত সোণালী সূতাৰে জিলিকিছে লখিমপুৰৰ মানচিত্ৰ - শিপিনী মালতী দলে

গামোচাত সোণালী হৈ জিলিকিছে লখিমপুৰৰ মানচিত্র । মালতী দলে নামৰ যুৱতী শিপিনীগৰাকীৰ হাতৰ পৰশত মূগাৰ সূতাৰে গামোচাত খোদিত হৈছে সোণালী লখিমপুৰ ।

Self reliance story of Lakhimpur
শিপিনী মালতী দলে

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 3:24 PM IST

তাঁতশালৰ গামোচাত জিলিকিছে লখিমপুৰ

লখিমপুৰ, ১২ নৱেম্বৰ: মুগাৰ সূতাৰে মূৰ্তমান লখিমপুৰ । মালতী দলেৰ তাঁতশালৰ গামোচাত জিলিকিছে লখিমপুৰ । মূগাৰ সূতাৰে গামোচাত জিলিকিছে সোণালী লখিমপুৰৰ মানচিত্ৰ । জিলা প্ৰশাসনে এই গামোচাৰে আদৰিব জিলাখনলৈ আহিবলগীয়া অতিথিসকলক । অতিথিৰ কান্ধত সন্মানেৰে তুলি দিয়া গামোচাত জিলিকি থাকিব সোণালী লখিমপুৰ । খাটি মূগাৰ সূতাৰে গামোচাত লখিমপুৰ বৈ উলিয়াইছে দক্ষ শিপিনী মালতী দলেয়ে । লখিমপুৰ নগৰৰ সমীপৰ পহুমৰাৰ শিপিনী মালতী দলেৰ নাম ইতিমধ্যে ৰাজ্যজুৰি চৰ্চিত হৈছে ।

সৰুৰে পৰা তাঁতশিল্পৰ প্ৰতি ৰাপ থকা মালতীয়ে থলুৱা হস্ততাঁত শিল্পৰে বহুত কিবা কৰাৰ সপোন দেখিছিল । ক্ৰমে তেওঁৰ সপোনে বাস্তৱ ৰূপ ল'লে । তেওঁ এগৰাকী দক্ষ শিপিনী ৰূপে নিজকে প্ৰতিষ্ঠা কৰাই নহয়,তাঁতশালত ব্যতিক্রমী চিন্তা চৰ্চাক বাস্তৱ ৰূপ দিবলৈও সক্ষম হ'ল । তেওঁৰ নিপুণ হাতৰ পৰশত ইতিমধ্যে গামোচাত ভূপেন হাজৰিকা, মামনি ৰয়ছম গোস্বামী, কলাগুৰু বিষ্ণু ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা আদি বহু বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি বৈ উলিয়ালে । এই লৈ যুৱতী শিপিনী মালতী দলেৰ নাম ৰাজ্যত ৰৈ বৈ গ'ল । সমাদৰ লাভ কৰিলে মালতীৰ প্ৰতিভাই । মালতী ক্ৰমে আগুৱাই গ'ল । ঘৰতে এটা হস্ততাঁতৰ উদ্যোগ স্থাপন কৰি নিজৰ লগতে আন বহুতকে সংস্থাপন দিছে যুৱতীগৰাকীয়ে ।

শেহতীয়াকৈ মালতীয়ে গামোচাত বৈ উলিয়াইছে জাতিৰ পিতা মহাত্মা গান্ধীক । এইলৈও মালতীৰ প্ৰতিভাই চৌদিশে আকৌ এবাৰ প্ৰশংসিত হ'ল । মালতীৰ এনে প্ৰতিভা চকুত পৰিল লখিমপুৰ জিলা প্ৰশাসনৰ । এইবাৰ জিলা প্ৰশাসনেও মালতীক অৰ্পণ কৰিলে এক দায়িত্ব । লখিমপুৰত অচিৰেই অনুষ্ঠিত হোৱাৰ কথা কেবিনেট বৈঠক । এই বৈঠকলৈ আহিবলগীয়া অতিথিসকলক সন্মান যাচি দিবলগীয়া গামোচা বৈ দিয়াৰ দায়িত্ব পালে মালতীয়ে । গামোচাখনত বৈ দিব লাগিব লখিমপুৰ জিলাৰ মানচিত্র । পিছে প্ৰতিভাৱান মালতীৰ বাবে এয়া আশীর্বাদ স্বৰূপ হৈ পৰিল ।

সাধাৰণ সূতাৰে নহয়,মালতীয়ে গামোচাত মূগাৰ সূতাৰে উজলাইছে লখিমপুৰ জিলাৰ মানচিত্র । মালতীয়ে বৈ উলিওৱা গামোচাত এতিয়া সোণালী হৈ জিলিকিছে লখিমপুৰ । মালতীৰ সময় নাই । তাঁত শালত ব্যস্ত তেওঁ । গামোচাত বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি তুলি যোগান ধৰিব লাগে । ব্যৱসায়িকভাৱে চাদৰ, মেখেলা আদি বোৱাৰ নিয়মীয়া কামখিনি আছেই । সম্প্রতি গামোচাত সোণালী লখিমপুৰ খোদিত কৰি আহৰি নোপোৱা হৈ থাকিলেও মালতীয়ে অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিকো কাপোৰত বৈ উলিয়াবলৈ মন মেলিছে ।

জাতিৰ পিতাৰ উপৰি দেশৰ আন বৰেণ্য ব্যক্তি সকলৰো প্ৰতিচ্ছবি বৈ উলিয়াব মালতীয়ে । এনেদৰে এতিয়া ইটোৰ পাছত সিটোকৈ কল্পনাক তাঁতশালত বাস্তব কৰি উলিয়াইছে মালতীয়ে । ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ অসমীয়া শিপিনীয়ে বব পাৰে বুলি চলি অহা উপমাক যেন সাৰ্থক কৰিছে মালতী দলে নামৰ এই গৰাকী লখিমপুৰৰ যুৱতীয়ে । লিহিৰী হাতেৰে তেওঁ এটাৰ পাছত এটাকৈ কল্পনাক তাঁতশালত বাস্তব ৰূপ দি আগুৱাই গৈছে । সৃষ্টিৰ জৰিয়তে তেওঁ অসমৰ তাঁতশালৰ খিট খিট শব্দক বিশ্বমুখী কৰি গৌৰৱাম্বিত হোৱাৰ দিশে ধাবিত হৈছে ।

লগতে পঢ়ক:Geetanagar daughter fraud case : জী-জোঁৱাইৰ লুণ্ঠনৰ আখ্যান; লাখ লাখ টকা লৈ অন্তৰ্ধান অংগীৰা

ABOUT THE AUTHOR

...view details