লখিমপুৰ, ১০ জানুৱাৰী :অসমৰ শিতানত অসংখ্য জলবোমা । এফালে বিজ্ঞানীৰ বৃহৎ ভূইকঁপৰ আশংকাৰ প্ৰতিবেদন, আনফালে এটাৰ পাচত আনটোকৈ বৃহৎ নদীবান্ধৰ চুক্তি । ভয়াৱহ ভৱিষ্যতৰ দিশে দতি কৰিছে অসমে । ভৱিষ্যতে মহাসাগৰত পৰিণত হ’ব নে কি অসম ? সাম্প্ৰতিক সময়ত এনে এক সংশয় আৰু সম্ভাৱনাই দেখা দিছে । কিয়নো শেহতীয়াকৈ হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় ভূ বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে অসম অৰুণাচল বাবে এক উদ্বেগজনক খবৰ ।
প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী বিজ্ঞানীয়ে এক দিঘলীয়া অধ্যয়নৰ পাচত ছায়েন্টিফিক ৰিৰ্পটচ নামৰ আলোচনীত প্ৰকাশ কৰিছে এনে উদ্বেগজনক তথ্য । প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী বিজ্ঞানীয়ে অৰুণাচল ৰ ৩৪ টা ভূমিকম্পৰ তথ্য বিশ্লেষণ কৰি অৰুণাচল সম্প্ৰতি অতিশয় চাপযুক্ত অৱস্থাত থকা বুলি আলোচনীখনৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।
উল্লেখ্য যে, অৰুণাচল টেকটনিকভাৱে অত্যন্ত সক্ৰিয় আৰু জটিলভাৱে চাপযুক্ত । আনহাতে, ইণ্ডিয়ান আৰু ইউৰেচিয়ান টেক্টনিক প্লেটৰ সংঘৰ্ষ স্থলীত অৱস্থিত হোৱা বাবে অৰুণাচল অতিশয় ভূমিকম্প প্ৰৱণ । অতি চাপযুক্ত অৱস্থাত থকা বাবে যিকোনো সময়তে প্ৰৱল ভূমিকম্পই জোকাৰি যাব পাৰে অৰুণাচলৰ লগতে অসমকো । ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ এনে প্ৰতিবেদনৰ বিপৰীতে আন এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ।
অৰুণাচলত নতুনকৈ আৰু ১৩ টা বৃহৎ নদীবান্ধ সাজিব খোজা হৈছে । শেহতীয়াকৈ লোহিতৰ বুকুত ১২০০ মেগাৱাট উৎপাদনক্ষম কলাই-২ প্ৰকল্প নিৰ্মাণ কৰিবলৈ তেহৰি হাইদ্ৰ’পাৱাৰ ডেভেলপমেন্ট কৰ্পৰেচনৰ সৈতে অৰুণাচল চৰকাৰে বুজাবুজিৰ চুক্তি (এম অ ইউ) স্বাক্ষৰ কৰিছে ৷ বান্ধটো হ’ব লোহিত অৱবাহিকাত । ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ আগষ্ট মাহত আন ১২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে অৰুণাচল চৰকাৰে নীপকো, এনএইচপিচি, এছজেইউএনএল আদিৰ সৈতে চুক্তি সম্পন্ন কৰে ।