লখিমপুৰ,২১ মাৰ্চ:কৰ্ম সংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যত অসমৰ বহু যুৱক নিৰুদ্দেশ হোৱা নাইবা অকাল মৃত্যুক সাবতি লব লগীয়া হোৱা ঘটনা নতুন কথা নহয় । প্ৰায়েই এনে ঘটনাৰ পুনৰাবৃত্তি ঘটি আহিছে । শেহতীয়া কৈ পুনৰ তেনে এক ঘটনাই জোকাৰি গৈছে লখিমপুৰক । এইবাৰ কৰ্ম সংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যত নিৰুদ্দেশ লখিমপুৰৰ প্ৰসন্ন শইকীয়া নামৰ যুৱক জন (Lakhimpur youth missing in outer state) ।
যাৰ বাবে এতিয়া পৰিয়ালটোত লাগিছে হাহাকাৰ । লখিমপুৰৰ চাবুকধৰা গোহাঁই গাঁৱৰ গোলোক শইকীয়াৰ পুত্র প্ৰসন্ন শইকীয়া নামৰ যুৱকজনে তেওঁৰ পূৰ্বৰ কৰ্মস্থলী চেকেন্দ্ৰাবাদলৈ বুলি যোৱা ১৭ মাৰ্চত গুৱাহাটীৰ পৰা ৰেলত উঠিছিল । একেখন ৰেলতে আন এটা দবাত গৈছিল তেওঁৰ আন দুজন লগৰীয়া তনু শইকীয়া আৰু যদু বৰ্মন ।