লখিমপুৰ, ২ জুন :বিহু বুলিলেই অসমীয়া ৰাইজৰ মন-প্ৰাণ আনন্দত নাচি উঠে । ঢোল-তাল-পেঁপা-গগণাৰ মাতত গাত ত’ত নাইকিয়া হয় নাচনীৰ ৷ পিচে সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিহুৰ বাদ্যযন্ত্র নিৰ্মাণ ব্যয়বহুল হৈ পৰিছে । বিশেষকৈ পেঁপা নিৰ্মাণৰ বাবে ম’হৰ শিং পাবলৈ নোহোৱা হৈছে (Pepa hornpipe musical instrument) । যাৰবাবে বিকল্প চিন্তা চৰ্চা চলিছে । এনে চিন্তা চৰ্চাৰ ফল স্বৰূপে লখিমপুৰৰ এজন সাংস্কৃতিক কৰ্মীয়ে বহু কষ্টৰে নিৰ্মাণ কৰি উলিয়াইছে বাঁহৰ পেঁপা (Pepa Assamese Traditional instrument) ।
আমি কৈ থকা লখিমপুৰৰ সাংস্কৃতিক কৰ্মীজনৰ নাম হ’ল অম্বিকা খনিকৰ । লখিমপুৰৰ বগলীজানৰ নিবাসী অম্বিকা খনিকৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ দেখি অনুপ্ৰাণিত হৈছিল (Lakhimpur youth made Bamboo Pepa) । তাৰ পাচৰে পৰাই তেওঁ সময়ত হাতে কামে নামি পৰিল বাঁহৰ পেঁপা নিৰ্মাণ কৰাত । বহু কষ্ট আৰু ধৈর্যৰে তেওঁ ইতিমধ্যে কেইবাটাও বাঁহৰ পেঁপা নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছে ।
ম’হৰ শিঙৰ পেঁপা আৰু শিল্পীগৰাকীয়ে বনোৱা পেঁপাৰ গুণগত দিশত কোনো পাৰ্থক্য নাই । ম’হৰ শিঙৰ পেঁপাৰ দৰেই শুৱলা আৰু সুন্দৰ মাত তেওঁ বনোৱা বাঁহৰ পেপাত । ম’হৰ শিং নহ’লেও এতিয়াৰ পৰা পেঁপাৰ অভাৱ নহ’ব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ উল্লেখ কৰে ।