অসম

assam

ETV Bharat / state

লখিমপুৰৰ যুৱ কৃষক সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

লখিমপুৰৰ যুৱ কৃষক সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল ৷ লগতে উপস্থিত বহু কেইগৰাকী ব্যক্তি ৷ দেশৰ কৃষক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য সোণোৱালৰ ৷

lakhimpur-youth-farmer-conclave-present-assam-cm
লখিমপুৰৰ যুৱ কৃষক সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

By

Published : Jan 9, 2021, 7:51 PM IST

নাওবৈচা, 9 জানুৱাৰী : পথাৰ আমাৰ, বজাৰ আমাৰ, গ্ৰাম্য অৰ্থনীতি উন্নয়ন আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্যৰে লখিমপুৰৰ ললুকাত অনুষ্ঠিত যুৱ কৃষক সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুকলি সভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, অসমৰ প্ৰতিটো জনগোষ্ঠীক মৰ্যদা প্ৰদান কৰাৰ বাবে জনগোষ্ঠী সমূহৰ ওচৰত বৰ্তমানৰ চৰকাৰখনৰ আস্থা আছে ৷ কংগ্ৰেছৰ দিনত চৰকাৰী সকলো সুবিধা মধ্যভোগীৰ হাতত আছিল যাৰ ফলত দেশৰ কোটি কোটি কৃষক ৰাইজে বঞ্চিত হৈছিল সুবিধাৰ পৰা ৷ শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৎপৰতাত সাধাৰণ কৃষক ৰাইজে সকলো চৰকাৰী সুবিধা 100 শতাংশ পাবলৈ সক্ষম হৈছে ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ মন্তব্য

তেওঁ পুনৰ কয় যে, কৃষকসকলে যাতে ধানৰ মূল্য প্ৰতি কুইন্টলত 1868 টকা পাব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে ৷ প্ৰতিটো ব্লকত ধান ক্ৰয় কৰা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিবলৈ FCI য়ে নিৰ্দেশ দিছে ৷ 68 লাখ কৃষক পৰিয়ালক অৰ্থনৈতিক দিশত শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰিছে চৰকাৰে ৷ শেহতীয়াকৈ অসমৰ যুৱক-যুৱতী সকলে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হোৱাতো শুভ লক্ষণ বুলি অভিহিত কৰাৰ লগতে এই ক্ষেত্ৰত অসমৰ অৰ্থনীতি বিকাশত যুৱক-যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷

লখিমপুৰৰ যুৱ কৃষক সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

উল্লেখ্য যে, অৰ্কিড ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত এই মুকলি সভাত অংশ লয় মন্ত্ৰী ৰামেশ্বৰ তেলী, নৱ কুমাৰ দলে, অৰ্কিড ইণ্ডিয়াৰ অধ্যক্ষ ঋষিৰাজ হাজৰিকা সহ কেইবাগৰাকী বিধায়কে ৷

লখিমপুৰৰ যুৱ কৃষক সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

লগতে পঢ়ক :গোৱাৰ পৰা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ লাইভ

ABOUT THE AUTHOR

...view details