অসম

assam

ETV Bharat / state

Protest in Nowboica: নাওবৈচাত লখিমপুৰ যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - Congress protest at Nowboica

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক লৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কৰা মন্তব্যৰ পাছতেই ৰাজ্যজুৰি কংগ্ৰেছকৰ্মীৰ মাজত ক্ষোভৰ উদগীৰণ ঘটা দেখিবলৈ পোৱা গৈছে । ৰাজ্যজুৰি যুৱ কংগ্ৰেছে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী(Youth Congress protests against Union Minister Smriti Irani) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰৰ নাওবৈচাতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ(Congress protest at Nowboica) ।

lakhimpur youth congress protest in nowboica
নাওবৈচাত লখিমপুৰ যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 29, 2022, 8:19 PM IST

নাওবৈচা,২৯ জুলাই:কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ কংগ্ৰেছ কৰ্মীসকল । কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী(Youth Congress protests against Union Minister Smriti Irani) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে প্ৰতিবাদত নামিল লখিমপুৰৰ যুৱ কংগ্ৰেছীও(Congress protest at Nowboica) ।

নাওবৈচাত লখিমপুৰ যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

শুকুৰবাৰে বিয়লি নাওবৈচাৰ দলহাট তিনিআলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত স্মৃতি ইৰানীৰ প্ৰতিকৃতি দাহ(Youth Congress burn effigy of Union Minister Smriti Irani) কৰি বিভিন্ন শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে লখিমপুৰ যুৱ কংগ্ৰেছে । ছোনিয়া গান্ধীক দুৰ্ব্যৱহাৰ কৰা সন্দৰ্ভত লখিমপুৰ যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহনে কয় যে নিজ কন্যাক মদৰ দোকান খুলিবলৈ লাইচেঞ্চ উলিয়াই দিয়া কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দুৰ্ব্যৱহাৰ কৰাৰ নৈতিক অধিকাৰ নাই ।

লগতে যদি পাৰে তেনেহলে নিজ কন্যাৰ মদৰ দোকানৰ লাইচেঞ্চ বাতিল কৰি নিজৰ নৈতিকতা প্ৰদৰ্শন কৰিবলৈও প্ৰত্যাহ্বান জনায় । লগতে বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক চোকা সমালোচনা কৰি মূল্যবৃদ্ধি ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি দৰিদ্ৰৰ তেজ শুহি খোৱা চৰকাৰখনক ৰাজ্যবাসীয়ে সময়ত উচিত প্ৰত্যুত্তৰ দিব বুলিও দাবী জনায় ।

লগতে পঢ়ক:Rockybul hussain in Nagaon : অযথা সন্দেহে গিৰিয়েক-ঘৈণীয়েকৰ সংসাৰ ভাঙে : ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details