লখিমপুৰ, ২১ আগষ্ট :মাজে সময়ে কেতবোৰ অলৌকিক ক্ৰিয়া-কলাপৰ খবৰ বিয়পে এইখন অসমত । গছৰ ডাল-পাত, গছৰ মূঢ়া নাইবা শিলৰ গুহা আদিত দেৱ-দেৱতাৰ আবিৰ্ভাৱ ঘটাৰ অলৌকিক খবৰে সংবাদ শিৰোনাম দখল কৰে । কৌতুহলী জনতাৰ সোঁত বয় তেনে অলৌকিকতা প্ৰত্যক্ষ কৰিবলৈ । পিচে এইবাৰ লখিমপুৰত তেনে এক খবৰে ৰাইজক কৌতুহলী কৰিছে ।
গছৰ পাতত ওলাইছে সুধাকণ্ঠৰ পৰা বিভিন্নজন শিল্পী আৰু ৰাজনৈতিক ব্যক্তিৰ প্ৰতিচ্ছবি । পিচে এয়া কোনো প্ৰাকৃতিক পৰিঘটনা নহয় । এগৰাকী শিল্পীয়ে সৃষ্টি কৰিছে এই ব্যতিক্ৰমী শিল্পৰ ধাৰা । শিল্পীগৰাকী হৈছে লখিমপুৰৰ পানীগাঁও এলেকাৰ বিদ্যুৎ কলিতা ।
সৰুৰে পৰা ছবি আঁকি ভালপোৱা বিদ্যুতে দুহাতত ৰঙৰ বোল সানি কৈশোৰ অতিক্ৰম কৰিলে । ৰং তুলিকাৰ ছন্দৰে জীৱন ৰঙীণ কৰাৰ লক্ষ্যৰে আগুৱাই যোৱা বিদ্যুতৰ পিচে এই ৰঙীণ যাত্ৰাত আউল লাগিল । ক’ৰ’ণা মহামাৰীৰ সময়ত শুকাল বিদ্যুতৰ তুলিকাৰ ৰং ।
মহামাৰী পৰিস্থিতিত দোকান পোহাৰ বন্ধ হৈ পৰাত ৰং কিনিবলৈ কোনো উপায় নাছিল বিদ্যুতৰ । দুহাতত ৰঙৰ বোল সানিবলৈ নাপালে ৰ’ব নোৱাৰা হোৱা বিদ্যুতৰ বাবে ক’ৰ’ণা কাল অভিশাপ স্বৰূপ হৈ পৰিল । ৰং বিহীন সময় পাৰ কৰাতো বিদ্যুতৰ বাবে অসহনীয় হৈ পৰিল । তেনে সংকটৰ সময়ত বিকল্প চিন্তা কৰিলে বিদ্যুতে । এইবাৰ ৰং নোহোৱাকৈ শিল্প সৃষ্টি প্ৰয়াসত নামিল বিদ্যুৎ ।