অসম

assam

লখিমপুৰত মাইক্ৰ’ ফাইনেন্সৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ

চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ লোণৰ পৰা ৰেহাই দিয়াৰ ঘোষণা কৰাৰ বিপৰীতে মাইক্ৰ' ফাইনেন্সৰ এজেন্টসকলে ঘৰে ঘৰে গৈ মহিলা সকলক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে নাৰী শক্তিৰ সদস্যা সকলে ৷ লখিমপুৰত বৃহস্পতিবাৰে সহস্ৰাধিক মহিলাই প্ৰতিবাদী সমদল কৰি উত্তাল কৰে উপায়ুক্তৰ কাৰ্য্যালয় ৷

By

Published : Apr 1, 2021, 5:44 PM IST

Published : Apr 1, 2021, 5:44 PM IST

lakhimpur-women-protest-against-microfinance
লখিমপুৰত মাইক্ৰফাইনান্সৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ

লখিমপুৰ, 1 এপ্ৰিল : চৰকাৰে মাইক্ৰ’ ফাইনেন্সৰ লোণৰ পৰা ৰেহাই দিয়াৰ ঘোষণা কৰাৰ বিপৰীতে মাইক্ৰ’ ফাইনেন্সৰ এজেন্ট সকলে ঘৰে ঘৰে গৈ মহিলা সকলক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে নাৰী শক্তিৰ সদস্যাসকলে ৷ এই ক্ষেত্ৰত লখিমপুৰত বৃহস্পতিবাৰে সহস্ৰাধিক মহিলাই প্ৰতিবাদী সমদল কৰি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে।

মাইক্ৰ’ ফাইনেন্স নিপাত যাওঁক, এজেন্ট ঘৰে ঘৰে যোৱা বন্ধ কৰক, এজেন্টৰ অত্যাচাৰ নচলিব আদি শ্লোগান দি মহিলাসকলে উপায়ুক্তৰ কাৰ্য্যালয় উত্তাল কৰি তোলে । তেওঁলোকে এজেন্ট সকলক নিয়ন্ত্রণ নকৰিলে নিজাকৈ শাস্তিৰ ব্যৱস্থা কৰিব বুলিও হুংকাৰ দিয়ে সদস্যাসকলে । মহিলা সকলৰ এই গুৰুতৰ সমস্যা সন্দৰ্ভত আগন্তুক দিনত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় বিষয় হব।

লগতে পঢ়ক :ছুপাৰষ্টাৰ ৰজনীকান্তলৈ 'দাদা চাহেব ফাল্কে বঁটা'

ABOUT THE AUTHOR

...view details