লখিমপুৰ,১মাৰ্চ: বছৰে সন্ধানহীন হৈ থকাৰ পাচত শুকুৰবাৰে আপোন মানুহবোৰৰ কাষত পূৰ্ণিমা কামান নামৰ এইগৰাকী মহিলা। লখিমপুৰৰ বগীনদীৰ মহিলাগৰাকীয়ে প্ৰায় এবছৰ পূৰ্বে বজাৰলৈ বুলি ওলাই গৈ ভুলবশতঃ যোৰহাটত উপস্থিত হৈছিল।
![ঘৰলৈ উভতি আহিল পূৰ্ণিমা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2580271-318-3a63fe29-94be-48bf-ada2-1d58767446ff.jpg)
ঘৰলৈ উভতি আহিল পূৰ্ণিমা
ঘৰলৈ উভতি আহিল পূৰ্ণিমা
উল্লেখ্য যে অসুস্থ পূৰ্ণিমাৰ চিকিৎসাৰ দায়িত্ব লৈছে লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে । লগতে পৰিয়ালটোৰ একমাত্ৰ কন্যা ৭ বছৰীয়া কনমাণিজনীৰো পঢ়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে বিষয়াগৰাকীয়ে ।