অসম

assam

ETV Bharat / state

নদীবান্ধক লৈ পুনৰ উত্তপ্ত হোৱাৰ পথত লখিমপুৰৰ পৰিস্থিতি - ধেমাজি জিলা

২০১১  চনৰ পৰা বন্ধ হৈ পৰা গেৰুকামুখৰ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিছিল NHPC এ কিন্তু শেহতীয়া চৰকাৰে কৰা ঘোষণাৰ পিচত পুনৰ পৰিস্থিতি উত্তপ্ত হোৱাৰ উপক্ৰম হৈছে লখিমপুৰ জিলাত।

নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পক লৈ উত্তপ্ত লখিমপুৰ

By

Published : Oct 17, 2019, 10:01 PM IST

লখিমপুৰ,17 অক্টোবৰঃ ক্ষোভত জ্বলিছে লখিমপুৰ জিলা ৷ গোপনে আৰম্ভ হৈছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম ৷ দল সংগঠন,ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি NHPC কৰ্তৃপক্ষৰ সদম্ভ ঘোষণা ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব প্ৰকল্পৰ কাম। এই ঘোষণাৰ পিছতে ক্ষোভৰ জুই জ্বলিছে লখিমপুৰ জিলাত ৷ দল সংগঠনৰ ঘোষণা ২০১১ চনৰ দৰে আন্দোলন কৰিব হ'লেও বন্ধ কৰা হ'ব চৰকাৰ আৰু NHPCৰ ষড়যন্ত্ৰ ৷

লখিমপুৰৰ চৰকাৰী খেল পথাৰত জহি যাবলৈ ধৰিছে বান্ধৰ সামগ্ৰী


পুনৰ যেন ভয়াৱহ আন্দোলনৰ উকমুকনি লখিমপুৰ আৰু ধেমাজি জিলাত ৷ দল সংগঠন,ৰাইজৰ তীব্ৰ আন্দোলনৰ ফলত ২০১১ চনৰ পৰা বন্ধ হৈ পৰা গেৰুকামুখৰ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিছিল NHPC এ কিন্তু শেহতীয়া চৰকাৰে কৰা ঘোষণাৰ পিচত পুনৰ পৰিস্থিতি উত্তপ্ত হোৱাৰ উপক্ৰম হৈছে লখিমপুৰ জিলাত। ২০১১ চনত আন্দোলনকাৰীয়ে আবদ্ধ কৰি ৰখা নদীবান্ধৰ যন্ত্ৰাংশ এতিয়াও পৰি ৰৈছে লখিমপুৰতে । লখিমপুৰৰ চৰকাৰী খেল পথাৰত জহি যাবলৈ ধৰিছে বৃহৎ আকাৰৰ যন্ত্ৰ । উল্লেখ্য যে দল সংগঠনৰ আন্দোলনৰ পিছত সামগ্ৰীৰ অভাৱত বহুদিন বন্ধ হৈ পৰা প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ ঘোষণাৰ পিছতে লখিমপুৰ জিলাত দল সংগঠন সমূহ সাজু হৈছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ বাবে। দল সংগঠনৰ অভিযোগ প্ৰকল্পটো সম্পুৰ্ণ কৰোৱাৰ স্বাৰ্থত আছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ।

পুনৰ উত্তপ্ত হোৱাৰ পথত লখিমপুৰৰ পৰিস্থিতি

নদীবান্ধৰ বিৰোধিতা কৰি অহা লখিমপুৰ জিলা ছাত্ৰ সন্থাৰো ঘোষণা,এটা সময়ত নদী বান্ধৰ বিৰোধিতা কৰা বৰ্তমানৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙ এতিয়া নদীবান্ধৰ মুখপাত্ৰ হৈ পৰিছে। যদিহে কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞ কমিতিৰ সিদ্ধান্ত নামানি NHPC কৰ্তৃপক্ষক পুনৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰে তেনেহ'লে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

ABOUT THE AUTHOR

...view details