লখিমপুৰ, ১১ আগষ্ট:কেচা বাঁহৰ বেহাৰ বাবে দুঘটনাৰ আশংকা প্ৰকাশ পাইছে লখিমপুৰ নগৰত । উল্লেখ্য দীঘল কেচা বাঁহ ঠেলাত তুলি নগৰখনত অনা নিয়া কৰা কাৰ্যই বিপদৰ আশংকা কঢ়িয়াইছে । খোদ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে এনে বিপদৰ আশংকা ঘনীভূত হৈছে ।
একাংশ বেপাৰীয়ে গ্ৰাম্যাঞ্চলৰ পৰা কেঁচা বাঁহ কাটি দীঘলে দীঘলে ঠেলাত ভৰাই নগৰত আনি বিক্ৰী কৰি আহিছে । বেপাৰীয়ে পুৱাই এনেদৰে বাঁহ আনি স্কুল কলেজ বা চৰকাৰী কাৰ্যালয়সমূহ আৰম্ভ হোৱাৰ আগতেই বেহা সামৰি উভটি যায় । নগৰখনত এই দৃশ্যপট বহু দিনীয়া । তেনে বেহাই ইমান দিনে কোনো সমস্যাৰ সৃষ্টি কৰা নাছিল ।
কিন্তু এতিয়া এই বাঁহৰ বেহাৰ পৰা দুৰ্ঘটনাৰ আশংকা নামিছে । কিয়নো প্ৰচণ্ড গৰমৰ বাবে চৰকাৰী নিৰ্দেশত কিছু দিনৰ পৰা শিক্ষা প্রতিষ্ঠান সমুহৰ সময়সূচী সলনি কৰা হৈছে এতিয়া পুৱা ৭.৩০ বজাৰ পৰাই শিক্ষানুষ্ঠানসমূহ আৰম্ভ হয় । দুমাহমানৰ আগৰে পৰা আৰম্ভ হোৱা এই সময়সূচী এতিয়াও অব্যাহত আছে । যাৰ বাবে পুৱা ৭ মান বজাৰ পৰাই নগৰ খনত ছাত্র-ছাত্রী, অভিভাৱক, আদিৰ লগতে শিক্ষানুষ্ঠানৰ যান-বাহনৰ ভিৰ হয় ।