বিহপুৰীয়া, ১৬ অক্টোবৰ : সচৰাচৰ দেখা পোৱা একচন মুডত নহয়, এইবাৰ কাৰাটে প্ৰশিক্ষকৰ ৰূপত দেখা গ'ল আনন্দ মিশ্ৰক । আনহাতে, কাৰাটে সন্দৰ্ভত আনন্দ মিশ্ৰৰ মন্তব্য, "কাজিয়া কৰিবলৈ কাৰাটে শিকিব নালাগে, আত্মৰক্ষাৰ বাবেহে কাৰাটে শিকিব লাগে ।" লখিমপুৰ নগৰৰ শেনচোৱাৰ কাৰাটে ডো একাডেমীৰ এক বিশেষ সম্বৰ্ধনা সভাত উপস্থিত থাকি এই মন্তব্য কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক তথা দক্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰই ।
আৰক্ষী অধীক্ষকগৰাকীয়ে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি কণ-কণ প্ৰশিক্ষাৰ্থীসকলক কাৰাটেৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কাৰাটেৰ বিভিন্ন কৌশল শিকায় । আনহাতে, ভাষণ প্ৰসংগত আই পি এছ আনন্দ মিশ্ৰই নিজে অনবৰতে কঁকালত কঢ়িয়াই লৈ ফুৰা পিষ্টলটোৰ বিষয়ে মন্তব্য কৰি কয়, "এই বন্দুকটো মই কাৰোবাক ৰক্ষাৰ হেতুহে কঢ়িয়াই লৈ ফুৰিছোঁ ।" লগতে এই বন্দুকটোৰে কাৰোবাক আক্ৰমণ কৰাৰ তেওঁৰ কোনো উদ্দেশ্য নাই বুলিও উল্লেখ কৰে ।