লখিমপুৰৰ বিভিন্ন বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব আৰটিআই কৰ্মী সন্থা লখিমপুৰ, ৭ জানুৱাৰী: ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত সংঘটিত হৈ থকা দুৰ্নীতিৰ সন্দৰ্ভত শনিবাৰে সংবাদমেল সম্বোধন কৰে আৰটিআই কৰ্মী সন্থাই ৷ সন্থাৰ লখিমপুৰ জিলা শাখাই সংবাদমেলখনৰ জৰিয়তে বিভিন্ন বিভাগৰ দুৰ্নীতিসমূৰ তথ্য দাঙি ধৰে ৷ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই হুংকাৰ নিদিয়ক কিয় দুৰ্নীতি চলিয়েই আছে বুলি মন্তব্য কৰে সন্থাই (RTI activists association Lakhimpur)৷
লখিমপুৰত বিভিন্ন বিভাগত ভয়ংকৰ দুৰ্নীতিৰ তথ্য উদঙালে আৰ টি আই কৰ্মীয়ে৷ লখিমপুৰত বিভিন্ন চৰকাৰী বিভাগত চলি আছে ভয়ংকৰ দুৰ্নীতি ৷ চকু কপালত উঠা কাণ্ডও সংঘটিত হৈছে জিলাখনৰ চৰকাৰী বিভাগত ৷ এনে একাংশ দুৰ্নীতি-অনিয়মৰ তথ্য দাঙি ধৰিলে লখিমপুৰ জিলাৰ আৰ টি আই কৰ্মী সন্থাই ৷
যি সময়ত দৰিদ্ৰ হিতাধিকাৰীক ১২ হাজাৰ টকাৰে একোটা শৌচাগাৰ নিৰ্মাণ কৰি দিয়া হৈছে সেই সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত চলি থকা জলজীৱন মিচনৰ এখন ১.৫০×৯৯ ছেণ্টিমিটাৰৰ নাম ফলকত ৪২ হেজাৰ ৪৭৫ টকা ব্যয় কৰা দেখুওৱা হৈছে (Scam in Jal Jeevan Mission Lakhimpur)। এনে বহু অনিয়ম উদঙাই শনিবাৰে আৰ টি আই কৰ্মী সন্থাই এখন সংবাদ মেলৰ আয়োজন কৰে ৷
সংবাদমেলখনত সন্থাই তথ্য সহকাৰে প্ৰকাশ কৰে যে লখিমপুৰ জিলাত হাজাৰোধিক হোটেল, ধাবা অথবা ৰেষ্টুৰেন্ট আছে যদিও সন্থাৰ আৰটিআইৰ উত্তৰত জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ (Joint Director of Health Service Lakhimpur) অধীনৰ খাদ্য সুৰক্ষা বিভাগে মাত্ৰ ৩৫ খনহে অনুজ্ঞাপত্ৰ থকা হোটেল ৰেষ্টুৰেন্ট অথবা ধাবা চলি আছে বুলি উল্লেখ কৰে । বাকীসমূহ বিভাগটোৰ লগত বুজাবুজিৰে চলি থকাৰ গুৰুতৰ অভিযোগ তোলে সন্থাই ৷
জিলাখনত জলসিঞ্চন বিভাগে ২০২১-২০২২ বৰ্ষত ৬৩ টা প্ৰকল্প ৰূপায়ন কৰিছিল । ইয়াৰ ভিতৰত দাংধৰা জলসিঞ্চন আঁচনিখন ২ কোটি ৯২ লাখ, থেকেৰাগুৰি আঁচনিৰ বাবদ ২ কোটি ৪৬ লাখ, জালভাৰী আঁচনিৰ বাবদ ৩ কোটি ২ লাখ, সোণাৰী চাপৰি আঁচনিৰ বাবদ ৩ কোটি ৩ লাখ, বিলমুখ আঁচনিৰ বাবদ ২ কোটি ৭৫ লাখ ব্যয় কৰাৰ উপৰিও ৪৫ লাখ টকা মেৰামতিৰ নামত ব্যয় কৰা হয় যদিও ৰাইজে এই আঁচনিৰ পৰা একো সুফল পোৱা নাই (Irrigation in Lakhimpur)।
এনেধৰণৰ দেধাৰ অভিযোগ তুলি সন্থাই জিলাখনৰ বিভিন্ন বিভাগত চলি থকা বহু দুৰ্নীতিৰ তথ্য উদঙাই দিয়ে । সংবাদমেলখনত আৰটিআই কৰ্মী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি দুলাল শইকীয়া, সম্পাদক ৰুবুল দত্ত, সাংগঠনিক সম্পাদক জিষ্ণু জ্যোতি দত্ত, হীমাশ্ৰী দত্ত গায়ন,উপদেষ্টা ছাজাদ হাজৰিকা, ৰাজ্যিক তথ্য সম্পাদক ৰাজীব আহমেদ আদিও উপস্থিত থাকে ৷
লগতে পঢ়ক:Arunachal APPSC Scam: APPSC ৰ প্ৰশ্নকাকত ফাদিল কেলংকাৰীত নতুনকৈ ৭ জনক গ্ৰেপ্তাৰ