লখিমপুৰ, ২ এপ্ৰিল: বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইদিনমান বাকী । নিৰ্বাচনৰ বাবে ৰাজ্যত পৃথক পৰিৱেশে বিৰাজ কৰিলেও ম্লান পৰা নাই ৰঙালীক আদৰাৰ আনন্দ । ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহুৰ কৰ্মশালা, বিহুদলৰ প্ৰস্তুতি । ঢোল-পেঁপাৰ মাতে মুখৰ হৈছে আকাশ বতাহ ।
লখিমপুৰত কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন - কেন্দ্রীয় ৰঙালী বিহু সন্মিলন
বিগত বৰ্ষত কৰ'ণা মহামাৰীৰ বাবে ৰাজ্যবাসীয়ে বিহু উদযাপনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । সেয়ে, এইবাৰ দুগুণ উৎসাহেৰে বিহুৰ প্ৰস্তুতি চলাইছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙালীক আদৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে লখিমপুৰবাসীয়ে । শুক্ৰবাৰে কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয় ।
লখিমপুৰতো শুক্ৰবাৰে কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয় । অহা ২১ এপ্ৰিলৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৬৩ সংখ্যক কেন্দ্রীয় ৰঙালী বিহু সন্মিলন । শুক্ৰবাৰে কেন্দ্রীয় ৰঙালী বিহু সন্মিলনস্থলীত কাৰ্যালয়ৰ দ্বাৰো মুকলি কৰা হয় ।
অনুষ্ঠানটোত জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিহু উদযাপন সমিতিয়ে কেন্দ্রীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰাত সকলোৰে সহযোগিতা কামনা কৰিছে । ৰঙালী বিহু উদযাপনক লৈ এতিয়া উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক:দায়িত্বশীল মন্ত্রীৰ দায়িত্বজ্ঞানহীন আচৰণ