লখিমপুৰ,12ছেপ্টেম্বৰ :লখিমপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰিলে সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে | অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী সকলে দীৰ্ঘদিনে নিজৰ পাপ্যৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱাত পুত্তলিকা দাহেৰে শুকুৰবাৰে এইদৰে ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে ৷
২০১৩ চনৰ পৰায়ে বন্ধ হৈ থকা অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰী সকলৰ জলপানী এমাহৰ ভিতৰত মুকলি কৰি দিয়া আৰু কৈৱৰ্ত জাতিৰ ভূমিহীন লোক সকলক শীঘ্ৰে ভূমি প্ৰদান কৰাৰো দাবী জনালে সংগঠনটোৱে ৷