লখিমপুৰ, 7 মাৰ্চঃ ৰাজ্যৰ উন্নয়ন ক'ত হৈছে, কাগজে পত্ৰই নে মন্ত্ৰীৰ ভাষণত । চৰকাৰী আঁচনিৰ সুবিধা পাইছেনে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সকলে । লখিমপুৰত চৰকাৰৰ উন্নয়ণৰ ফুলজাৰীক প্ৰত্যাহ্বান জনোৱা এটা পৰিয়ালৰ জীৱন যুজেঁ আচৰিত কৰিব সচেতন মহলক ।
সপোন দেখাৰ বয়সত পদে পদে চিন্তিত কেইগৰাকীমান কণমানি, চিন্তিত পিতৃ-মাতৃ ৷ এখন টিনৰ চালিৰ তলতে বসবাস কৰে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ কমল বিশ্বকৰ্মা আৰু সাবিতৃ বিশ্বকৰ্মাৰ ৭ জনীয়া পৰিয়ালটো । এমা দিমা সন্তানৰ সৈতে বিগত ২৫ বছৰ কেৱল সপোন দেখিছে কমল আৰু সাবিত্ৰীয়ে । ঘৰ বুলিবলৈ তেওঁলোকৰ ভিতৰৰ পৰা আকাশ দেখা এখন ট্ৰিপাল, বেৰৰ ফুটাৰে বাহিৰ দেখা এখন চালিৰ বাহিৰে একো নাই ৷ একে স্থানতে ৰন্ধা, খোৱা, শোৱা সকলো কৰিব লাগে পৰিয়ালটোৱে । ৰ'দ-বতাহ-ধুমুহা সকলো পাৰ হৈ যায় মুৰৰ ওপৰেৰে । সেই সময়ত ভৰসা হৈ পৰে ভগবান । বিজুলীৰ পোহৰ, শান্তিত টোপনি যাব পৰা এটা ঘৰ, এওঁলোকৰ বাবে এতিয়া সাধুকথা ।