অসম

assam

By

Published : May 2, 2020, 8:10 PM IST

Updated : May 2, 2020, 8:55 PM IST

ETV Bharat / state

নাওবৈছা কাণ্ডঃ আৰক্ষীৰ জালত মহিলাসহ ২০ আক্ৰমণকাৰী

বৃহস্পতিবাৰে সন্ধিয়া নাওবৈচাত ৰমজানৰ নামাজৰ বাবে মছজিদত লোকৰ সমাগম হোৱাৰ খবৰ পাই মছজিদৰ চৌহদত উপস্থিত হৈছিল আৰক্ষীৰ দল। আৰক্ষীয়ে বাধা দিওতেই মছজিদত সমবেত হোৱা একাংশ লোকে আৰক্ষীলৈ শিলাবৰ্ষণ কৰে । ঘটনাত গুৰুতৰভাবে আহত হয় নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত্‍ নাথসহ দুজন CISF জোৱান ৷

লখিমপুৰ আৰক্ষীৰ হাতত আটক ২০ আৰক্ষী আক্ৰমণকাৰী
লখিমপুৰ আৰক্ষীৰ হাতত আটক ২০ আৰক্ষী আক্ৰমণকাৰী

লখিমপুৰ, 2 মেঃ অৱশেষত লখিমপুৰৰ নাওবৈছাৰ পানধোৱাত আৰক্ষী আক্ৰমণৰ লগত জড়িত মহিলাসহ 20 জনক আটক কৰে আৰক্ষীয়ে । শনিবাৰে বিয়লি অভিযুক্তক বিচাৰি অভিযানত নামিছিল লখিমপুৰ আৰক্ষী ৷ আৰক্ষী অধীক্ষকে জনোৱা মতে, ৪৮ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে আটক কৰিছে মহিলাসহ ২০ জনক ৷ ইতিমধ্যে সোধ-পোচৰ বাবে পানধোৱা মাৰ্কাজ মছজিদৰ ইমামকো আটক কৰিছে আৰক্ষীয়ে । ইয়াৰোপৰি আজিও অভিযুক্তক আটক কৰাৰ সময়ত আৰক্ষীক পানধোৱাৰ একাংশ লোকে বাধা প্ৰদান কৰিছিল বুলি জনায় আৰক্ষীয়ে ।

আৰক্ষীৰ জালত মহিলাসহ ২০ আক্ৰমণকাৰী

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া নাওবৈচাত ৰমজানৰ নামাজৰ বাবে মছজিদত লোকৰ সমাগম হোৱাৰ খবৰ পাই মছজিদৰ চৌহদত উপস্থিত হৈছিল আৰক্ষীৰ দল । আৰক্ষীয়ে বাধা দিওতেই মছজিদত সমবেত হোৱা একাংশ লোকে আৰক্ষীলৈ শিলাবৰ্ষণ কৰে । ঘটনাত গুৰুতৰভাবে আহত হয় নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত্‍ নাথসহ দুজন CISF জোৱান ৷

লখিমপুৰ আৰক্ষীয়ে আটক কৰিলে মহিলাসহ ২০ জন আৰক্ষী আক্ৰমণকাৰী
Last Updated : May 2, 2020, 8:55 PM IST

ABOUT THE AUTHOR

...view details