লখিমপুৰ, ৩০ অক্টোবৰ : লখিমপুৰ নগৰৰ গাতে লাগি থকা চুতীয়া কাৰীত আছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয়টো থ্ৰী ডি তাৰকাগৃহ । সম্প্ৰতি এই তাৰকা গৃহটোৱে শিক্ষার্থী সমাজৰ বিজ্ঞান বিষয়ৰ প্ৰতি ধাউতি গঢ়াত অনন্য ভূমিকা লৈছে ।
লখিমপুৰ নগৰৰ সমীপৰ চুতীয়া কাৰীত স্থাপন কৰা এই তাৰকা গৃহটোত কেৱল নৱ-মণ্ডল প্ৰদৰ্শন হৈ থকা নাই, সমান্তৰালকৈ বিজ্ঞান বিষয়ৰ বিভিন্ন ধৰণৰ অধ্যয়নৰ ব্যৱস্থাকে ধৰি সৌৰজগত চোৱাৰো সুবিধা আদিৰে সজ্জিত কৰি তোলা হৈছে তাৰকা গৃহটো । ২০২২ চনৰ ১৬ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি উদ্বোধন কৰা এই লখিমপুৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহটো এতিয়া শিক্ষার্থীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । নিতৌ একাধিক দৰ্শনীৰ ব্যৱস্থা কৰা তাৰকা গৃহটোত মুকলি কৰা বিজ্ঞান কেন্দ্ৰটোত শিক্ষার্থীসকলে বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত হাতে কামে লাগি নাইবা স্থাপন কৰা বিভিন্ন আহিলাৰ জৰিয়তে জ্ঞান লাভ কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে ।