লখিমপুৰ,5 অক্টোবৰ: নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁই থানত প্ৰতি বছৰৰ দৰে এইবাৰো উদযাপন কৰা হৈছে দুৰ্গাপূজা ৷ নাৰায়ণপুৰৰ ধলপুৰত থকা একমাত্ৰ শক্তিপীঠখনত দেওবাৰে মহাষ্টমীৰ দিনটোত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে ৷
পেটুৱা গোসাঁই থানত জনগোষ্ঠীয় ভক্তৰ ভিৰ - ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁই থানত দুৰ্গাপূজা উদযাপন
ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁই থানত দুৰ্গাপূজা উদযাপন ৷ অব্যাহত ৭৫ বছৰীয়া পৰম্পৰা ৷

নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁই থানত ভক্তৰ ভিৰ
পেটুৱা গোসাঁই থানত মহাঅষ্টমী উদযাপন
বিশেষকৈ জনগোষ্ঠীয় লোকসকলে এই থানত উপাসনা আৰু হাঁহ, পাৰ, বলি দি ভোজ-ভাত খাই নিজৰ মঙ্গল কামনা কৰে ৷ মহাঅষ্টমীৰ দিনটোত পুৱাৰে পৰা ভক্তসকলৰ ভিৰত বিৰ দি বাট নোপোৱা হৈছে থানখনত ৷
উল্লেখ্য যে, এই শক্তি পীঠখনত বিগত ৭৫ বছৰে উদযাপন কৰি আহিছে দুৰ্গাপূজা ৷ নাৰায়ণপুৰৰ এই শক্তিপীঠখনক লৈ ভক্তসকলৰ বিশ্বাস দীৰ্ঘদিনীয়া ৷ সেই বিশ্বাসৰ বাবে পৰম্পৰা অটুট ৰাখি বছৰি উদ্যাপন কৰা হয় দুৰ্গোৎসৱ ৷ বিশেষকৈ দেউৰী সম্প্ৰদায়ৰ লোকসকলে অষ্টমী, নৱমী আৰু দশমীৰ দিনকেইটাত পূজা উপাসনা কৰি আহিছে ৷