অসম

assam

ETV Bharat / state

পুনৰ পানী এৰিলে নীপকো(NEEPCO)ৱে: শংকিত লখিমপুৰবাসী - নীপকো

নীপকো(NEEPCO)ৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত সংকট নামি আহিছে লখিমপুৰবাসী ৰাইজলৈ ৷ নীপকোৱে 1500 ঘনমিটাৰ পৰ্যন্ত বৃদ্ধি কৰে এৰি দিয়া পানীৰ পৰিমাণ ।

lakhimpur-people-tensed
শংকিত লখিমপুৰবাসী

By

Published : Jun 8, 2021, 10:59 PM IST

লখিমপুৰ, 8 জুন : পৰিকল্পিতভাৱে নীপকো (NEEPCO)ৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত সংকট নামি আহিছে লখিমপুৰবাসীলৈ ৷ দুদিনৰ পূৰ্বে ৰঙানদী প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দি নীপকোৱে ৰঙানদীপৰীয়া ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছিল ।

শংকিত লখিমপুৰবাসী

প্ৰতি ছেকেণ্ডত 5 হাজাৰ ঘনমিটাৰ পৰ্যন্ত পানী এৰি দি লখিমপুৰ বিধ্বস্ত কৰি তোলাৰ পাচত মোকোলাই ৰখা পানীৰ পৰিমাণ কমাই ৰাখিছে যদিও মঙলবাৰে বিয়লিৰ পৰা পুনৰ অধিক হাৰত পানী এৰি দিয়ে নীপকোৱে । ইয়াৰ ফলস্বৰূপে পুনৰ নদীখনে তাণ্ডৱ সৃষ্টি কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি নীপকোৱে এৰি দিয়া পানীৰ পৰিমাণ 1500 ঘনমিটাৰ পৰ্যন্ত বৃদ্ধি কৰিছে । ইয়াৰ পাচতে নদীখনৰ পাৰত বাজি উঠে চাইৰেণৰ বিকট শব্দ । ফেনে-ফোটোকাৰে ওফন্দি উঠা ৰঙানদীৰ জলপৃষ্ঠ প্ৰত্যক্ষ কৰি নদীপৰীয়া ৰাইজ শংকিত হৈ পৰে । পুনৰ এক জলসংকটৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে লখিমপুৰৰ ৰঙানদীপৰীয়া ৰাইজ ।

উল্লেখ্য যে, লখিমপুৰত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই নীপকোৱে যাতে অধিক হাৰত পানী এৰি দিব নোৱাৰে, তাৰ ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাচতো পুনৰ নীপকোৱে বিয়লি অধিক হাৰত পানী এৰি দিয়ে ।

লগতে পঢ়ক :বিভিন্ন কেলেংকাৰীত সাঙোৰ খাইছে অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীৰ নাম !

ABOUT THE AUTHOR

...view details