লখিমপুৰ, ২ জানুৱাৰী :‘‘সন্ত্ৰাসবাদ আমি বেয়া পাওঁ ৷ সন্ত্ৰাসবাদক আমি কেতিয়াও সমৰ্থন নকৰো ৷ কিন্তু এজন অসমীয়া হিচাবে পৰেশ বৰুৱাই অসমীয়া জাতিৰ মানুহক উদ্দেশ্যি যি সংকল্প লৈছিল, সেই স্থিতিত তেওঁ অটল আছে ৷ পৰেশ বৰুৱাৰ স্থিতিৰ পৰা আমি কি পাম নাজানো ৷ কিন্তু জাতিৰ ওচৰত দিয়া প্ৰতিজ্ঞা তেওঁ ৰক্ষা কৰি থকাৰ বাবে মই ধন্যবাদ জনাইছো ৷’’ এয়া আলফাৰ নিৰ্যাতনৰ বলি হোৱা এটা পৰিয়ালৰ সদস্যৰ ভাষ্য ৷
সকলোৰে জ্ঞাত যে, বিগত ২৯ ডিচেম্বৰত সম্পন্ন হ’ল আলফা-ভাৰত চৰকাৰ-অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি চুক্তি ৷ এই শান্তি চুক্তি সন্দৰ্ভত বৰ্তমান ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এই শান্তি চুক্তিৰ যোগাত্মক অথবা বিয়োগাত্মক দিশ পৰ্যালোচনা কৰিছে বিভিন্ন মহলেও ।
আনকি এইক্ষেত্ৰত আলফাৰ নিৰ্যাতনৰ বলি হোৱা পৰিয়ালসমূহৰ একাংশই ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । আলফাৰ আতিশয্যৰ বলি হোৱা লখিমপুৰৰ ব্ৰজেন হাজৰিকাৰ পৰিয়ালৰ সদস্যই সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ৷