লখিমপুৰ, 25 মে’:বাৰিষাৰ প্ৰথমটো বানৰ কৱলত পৰিছে লখিমপুৰ জিলা । ৰঙানদী, সোৱণশিৰীৰ লগতে ফেনে-ফুটুকাৰে বাঢ়ি অহা বানত এতিয়া হাহাকাৰ অৱস্থা নৈপৰীয়া ৰাইজৰ । নেৰানেপেৰা বৰষুণৰ পিছত বানৰ আতংকই দেখা দিছে লখিমপুৰ জিলাত নৈৰ বাঢ়নী পানী কমিছে যদিও হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ।
কাকৈ নদী, সোমদিৰী নদীৰ বাঢ়নী পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে 1 নং হিন্দু আদৰ্শ গাঁৱত । হিন্দু গাঁৱত ৰাইজৰ এতিয়া সাৰথি মাথোঁ নাঁওখন । আদৰ্শ গাঁওবাসীৰ ঘৰৰ ভিতৰত, চৌহদত, বাট-পথ সকলোতে এতিয়া পানী ।