অসম

assam

ETV Bharat / state

NSUI protest in lakhimpur: মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ জ্বলিল লখিমপুৰ

প্ৰতিবাদত উত্তাল লখিমপুৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰিছিল কটু মন্তব্য (Himanta Biswa's controversial stamentment in Uttarakhand) ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰোধীতাত লখিমপুৰ নগৰৰ পৰিবহন নিগমৰ আস্থানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ ভগ্নী সংগঠন NSUI য়ে ৷

NSUI protest in lakhimpur
লখিমপুৰৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি

By

Published : Feb 13, 2022, 2:01 PM IST

লখিমপুৰ, 13 ফেব্ৰুৱাৰী :উত্তৰাখণ্ডৰ ফিৰিঙতিয়ে দহিছে অসমক ৷ চলিত বৰ্ষৰ 11 ফেব্ৰুৱাৰীত উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কৰিছিল কটু মন্তব্য (Himanta Biswa's controversial stamentment in Uttarakhand) ৷ মুখ্যমন্ত্ৰীৰ সেই মন্তব্যৰ পাচতে কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷

লখিমপুৰৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কংগ্ৰেছ নেতাগৰাকীক কৰা কটু মন্তব্যৰ বিৰোধীতাৰে শনিবাৰে লখিমপুৰত কংগ্ৰেছৰ ভগ্নী সংগঠন NSUI য়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিজেপি বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল হৈ পৰিল লখিমপুৰ নগৰৰ পৰিবহন নিগমৰ আস্থানৰ সন্মুখভাগ ৷ এই প্ৰতিবাদস্থলীতে প্ৰতিবাদকাৰীসকলে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি (Assam CM and PMs effigy burnt by NSUI) ৷

উত্তৰাখণ্ডৰ ফিৰিঙতিয়ে দহিছে অসমক

ইফালে এই প্ৰতিবাদী কাৰ্যসূচীতে প্ৰতিবাদকাৰী NSUI কৰ্মী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় হতাহতি ৷ এই হতাহতিৰ ফলত পৰি যায় এজন আৰক্ষীৰ লোক । পৰি যোৱা আৰক্ষীজনে হাতেৰে প্ৰহাৰ কৰে এজন প্ৰতিবাদকাৰীক । লগে লগে ক্ষুদ্ধ হৈ পৰা প্ৰতিবাদকাৰীসকল ৷

প্ৰতিবাদত উত্তাল লখিমপুৰ

ইফালে বহু সময় ধৰি এনে উত্তাল পৰিৱেশ অব্যাহত থকাৰ পাচত প্ৰতিবাদস্থলীত উপস্থিত হয় লখিমপুৰ জিলা দণ্ডাধীশ । অৱশেষত দণ্ডাধীশৰ বুজনিত প্ৰতিবাদকাৰীসকলে প্ৰত্যাহাৰ কৰে প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়ক :Assam CM's effigy burnt: হিমন্তৰ টাৰ্গেট ৰাহুল; বৰপেটাত দাহ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details