লখিমপুৰ, ২৫ ছেপ্টেম্বৰ : ১৯১৭ চনত গঠন কৰা হৈছিল অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা । অসম সাহিত্য সভা গঠনৰ পাঁচ বছৰৰ পূৰ্বে অৰ্থাৎ ১৯১২ চনত গঠন কৰা হৈছিল উত্তৰ লখিমপুৰ সাহিত্য সভা । প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰথিতযশা সাহিত্যিক নীলকণ্ঠ গোহাঞি বৰুৱা ।
এইগৰাকী বৰেণ্য ব্যক্তিৰ স্মৃতিত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা চাবতি সংযোগী তিনি কিল’মিটাৰ দৈৰ্ঘৰ পথটো নামকৰণ কৰা হৈছিল । ২০০২ চনত পৌৰসভা আৰু জিলা প্ৰশাসনৰ নিৰ্দেশক্ৰমে এই পথটো সাহিত্যিকগৰাকীৰ নামেৰে নামকৰণ কৰি ফলক স্থাপনৰ অনুমতি দিয়া হৈছিল । সেইমৰ্মে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে স্থায়ী ফলক স্থাপন কৰা হয় ।
নীলকণ্ঠ গোহাঞি বৰুৱাক অসমীয়া সাহিত্য ক্ষেত্ৰখনৰ আদি ব্যক্তি হিচাপে গণ্য কৰা হয় ৷ সম্প্ৰতি এইগৰাকী প্ৰথিতযশা সাহিত্যিকক লখিমপুৰত অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ লখিমপুৰ পৌৰসভাই সাহিত্যিকগৰাকীৰ নামত নামাকৰণ কৰা পথটো আন এক নামেৰে নামাকৰণ কৰাত সৰৱ হৈ পৰিছে অঞ্চলটোৰ একাংশ সচেতন ৰাইজ ৷