লখিমপুৰ, 11 নৱেম্বৰ:মধ্যাহ্ন ভোজন ব্যৱস্থা বেচৰকাৰী সংস্থাক অৰ্পণ কৰাৰ বিৰোধিতাৰে সোমবাৰে লখিমপুৰৰ মাজ মজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰেঅসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ৷ প্ৰতিবাদস্থলীত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰে ক্ষোভিত প্ৰতিবাদকাৰীয়ে ৷ কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ শিক্ষামন্ত্ৰীক সকিয়নী দিয়ে সংগঠনটোৱে ৷
সংগঠনটোৰ অভিযোগ অনুসৰি, বিদ্যালয়ৰ ৰান্ধনীৰ পৰিৱৰ্তে বেচৰকাৰী সংস্থাই যোগান ধৰা মধ্যাহ্ন ভোজন খাই অসুস্থ হৈ পৰে লখিমপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী৷