লখিমপুৰ,10 মাৰ্চঃঅসমৰ বিভিন্ন স্থানত কৰ'ণা ভাইৰাছৰ আতংকত হোলীৰ আনন্দ ম্লান পৰিছে যদিও বিভিন্ন স্থানত পৰম্পৰা ৰক্ষা কৰি উৎযাপন কৰা হ'ল হোলী। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ৪০০ বছৰ পুৰণি আদি এলেঙী সত্ৰত পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱৰ অন্তিম দিনা উলিওৱা হয় গোবিন্দৰ ঘুনুচা যাত্ৰা।
পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালন লখিমপুৰত - গোবিন্দৰ ঘুনুচা যাত্ৰা
বিহপুৰীয়াৰ ৪০০ বছৰ পুৰণি আদি এলেঙী সত্ৰত পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱৰ অন্তিম দিনা উলিওৱা হয় গোবিন্দৰ ঘুনুচা যাত্ৰা।
পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালন লখিমপুৰত
গায়ন বায়ন,হোলী গীতেৰে মুখৰিত হৈ পৰিল চৌপাশ। বিহপুৰীয়াৰ বিভিন্ন স্থানৰ নামঘৰ,সত্ৰত পৰিভ্ৰমণ কৰি আনন্দ উল্লাসৰ মাজেৰে ৰক্ষা কৰা হয় বছৰ বছৰ ধৰি চলি অহা পৰম্পৰা। সকলোৰে আশা আবিৰৰ ৰঙে নোহোৱা কৰিব ভেদাভেদ,কটকটীয়া হ'ব ভাতৃত্ববোধৰ এনাজৰী।
লগতে চাওকঃমধ্য প্ৰদেশত ৰাজনৈতিক খহনীয়া, কেবিনেটৰ মন্ত্ৰীৰ সমূহীয়া পদত্যাগ
Last Updated : Mar 10, 2020, 12:34 PM IST