বিহপুৰীয়া,14 জুন : 25 টা শব্দৰে সৃষ্ট দুটা বাক্য । দুটা বাক্যতেই এটা গল্পৰ আৰম্ভণি আৰু শেষ ৷ এই 25 টা শব্দৰ গল্পটোৱেই ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ লাভ কৰিছে চুটি গল্পৰ স্বীকৃতি । গল্পটোৰ নাম হৈছে ‘উপহাৰ’ । আছাম বুক অৱ ৰেকৰ্ডছ (Assam Book Of Records)ৰ স্বীকৃতি লাভ কৰা এই গল্পটো লিখিছে লখিমপুৰ জিলাৰ ঢেকিয়াজুলিৰ বৈষ্ণৱপুৰ গাঁৱৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ডিম্পল হাজৰিকা নামৰ ছাত্ৰীগৰাকীয়ে ।
সততে ই-পত্ৰিকাৰ পৰা মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকালৈকে সকলোতে গল্প-প্ৰবন্ধ আৰু কবিতা লিখি অহা দৰিদ্ৰ পৰিয়ালৰ ডিম্পলে গঢ়িছে এই অভিলেখ ৷ মেধাৱী ডিম্পলৰ দুটা বাক্যৰ গল্পটো আছিল এনেধৰণৰ- অন্ধকাৰ জীৱনৰ পৰিসমাপ্তি ঘটাই জ্ঞান সাগৰত জাহাজ চলাই প্ৰাচুৰ্যৰ সৌধ সাজি সি হৈ পৰিল এজন সফল ব্যক্তি । সফলতাৰ অন্তত মাক-দেউতাকক শ্ৰমৰ উপহাৰ দিলে ‘‘বৃদ্ধাশ্ৰম’’ ।