লখিমপুৰ, 21 এপ্ৰিলঃনিৰ্জন ৰাজপথৰ দাতিত গ্ৰাহকৰ বাবে অপেক্ষাৰত এটি কণমানি। সমুখত কেইটামান পানীলাও,বিলাহী আৰু কেইমুঠিমান ধনীয়া । তাইৰ লক্ষ্য গ্ৰাহক। কাৰণ গ্ৰাহক আহিলে বিক্ৰী হ'ব পাচলি,নিশালৈ পৰিয়ালটোৱে যোগাৰ কৰিব পাৰিব এমুঠি চাউল । কণমানি জনীৰ নাম জেচমিনা, ঘৰ লখিমপুৰ জিলাৰ এঙাৰখোৱাৰ নৈ গুৰিত । লক ডাউনৰ বাবে কণমানিজনিৰ পৰিয়ালটো পৰিছে সমস্যাত। নাটনি হৈছে এমুঠি খাদ্যৰ। মাতৃৰ কথাত ৰাস্তাৰ কাষতেই সমুখত পাচলিৰ টোপোলা লৈ তাই বহিছে গ্ৰাহকৰ বাবে ।
সপোন বিভ্ৰান্তিয়ে খেদি ফুৰা এগৰাকী কণমাণি শিশু - জীৱনৰ বাস্তৱতাই মোহাৰি দিয়া এগৰাকী কণমানিৰ কথা
বিপন্ন শৈশৱ,জীৱনৰ বাস্তৱতাই মোহাৰি দিয়া এগৰাকী কণমানিৰ কথা ৷ হাতত এটা বগা মোনা ৷ শৈশৱৰ ধেমালী কি বুজি নাপায় তাই,সপোন দেখাৰ বয়সত এমুঠি চাউলৰ বাবে ৰাস্তাৰ কাষত সংগ্ৰাম কৰিব লগা হৈছে তাই ৷ 7 টা পানীলাও,কেইমুঠিমান ধনীয়া আৰু কেইাটামান বিলাহীৰ এটা টোপোলা ৷ লক ডাউনৰ সময়,সকলো ঘৰতে আছে, কোনোবা সাংবাদিক,আৰক্ষী উলাই আহিছে যদিও তাইৰ গ্ৰাহকৰ শাৰীত নপৰে ৷ লাউ কেইটা বিক্ৰী হ'লেই ঘৰলৈ যাব পাৰে,সন্ধিয়া টকা কেইটাৰে চাউল আনিব ৷ তাই নাজানে লক ডাউন কি,নাজানে কৰ'ণা ভাইৰাছৰ ভয়াৱহতা, মুখত এখন মাস্ক মাৰি পাচলিকেইটা বিক্ৰী কৰিব পাৰিলেই যোগাৰ হ'ব ছয় জনীয়া পৰিয়ালটোৰ নিশাৰ ভাত সাজ।

জীৱনৰ বাস্তৱতাই মোহাৰি দিয়া এগৰাকী কণমানিৰ কথা
জীৱনৰ বাস্তৱতাই মোহাৰি দিয়া এগৰাকী কণমানিৰ কথা