লখিমপুৰ ১৩ জুলাই :লখিমপুৰত দুৰ্যোগৰ উপৰি দুৰ্যোগ সৃষ্টি হৈছে । জিলাখনৰ চৌদিশে বানৰ প্ৰকোপ । এনে পৰিস্থিতিত ভূতৰ ওপৰত দানহ পৰাদি বৃহস্পতিবাৰে বিয়লি নীপকোৱে ৰঙানদীত প্ৰকল্পৰ পানী মোকোলাই দিয়ে ।
পুৱাতেই নীপকো কৰ্তৃপক্ষই প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ সুৰক্ষাৰ খাতিৰতে জলাধাৰৰ অতিৰিক্ত জলৰাশি মোকোলাই দিয়া হ’ব পাৰে বুলি লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাণী প্ৰেৰণ কৰে । এই বাৰ্তা প্ৰেৰণৰ পাচতে বিয়লি নীপকোৱে প্ৰকল্পৰ দুৱাৰ এশ মিলিমিটাৰ খুলি দিয়ে। কিছু সময়ৰ পাচত দুশ মিলিমিটাৰ লৈ বঢ়াই দি খুলি ৰাখে প্ৰকল্পৰ গেট । এই বিষয় লৈ এতিয়া লখিমপুৰত নদীৰ কাষৰীয়া অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে ।
নীপকোৱে পানী মোকোলালে নৈপৰীয়া অঞ্চলত বাজি উঠে বিপদৰ সংকেত ধ্বনি । যাৰ বাবে পেপুৱা লাগে নৈপৰীয়া ৰাইজ । যিয়ে যেনেকৈ পাৰে ঘৰৰ বয় বস্তু সামৰি ওখ ঠাইত আশ্রয় লোৱাৰ ব্যবস্থা কৰে । উল্লেখ্য যে, নীপকোৱে প্ৰকল্পৰ সুৰক্ষাৰ স্বাৰ্থত ৰঙা নদীত প্ৰকল্পৰ অতিৰিক্ত জলৰাশি মোকোলাই প্ৰতিবছৰে লখিমপুৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে ।