অসম

assam

লখিমপুৰত ভয়াৱহ অগ্নিকাণ্ড

লখিমপুৰৰ খেলমাটিত ভয়াৱহ অগ্নিকাণ্ড ৷ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় দুখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ ধ্বংস স্তূপত পৰিণত লক্ষাধিক টকাৰ সামগ্ৰী ৷

By

Published : Nov 11, 2019, 1:17 PM IST

Published : Nov 11, 2019, 1:17 PM IST

লখিমপুৰত ভয়াৱহ অগ্নিকাণ্ড

লখিমপুৰ, 11 নৱেম্বৰ: সোমবাৰে পুৱতি নিশা লখিমপুৰ নগৰৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডৰ ফলত এখন ৰঙৰ দোকানৰ লগতে টায়াৰৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও দীৰ্ঘ সময়ৰ পিচতহে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

লখিমপুৰত অগ্নিকাণ্ড

জুইৰ লেলিহান শিখাই ধ্বংস স্তূপত পৰিণত কৰিলে দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লক্ষাধিক টকাৰ সামগ্ৰী ৷ বৰ্তমানেও অগ্নিকাণ্ডৰ কাৰণ ঠাৱৰ কৰিব পৰা হোৱা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ একাংশ প্ৰত্যক্ষদৰ্শীৰ ৷

লগতে চাওকঃ অভিনেত্ৰী চেতনা দাসলৈ 2019 বৰ্ষৰ প্ৰজন্ম বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details