অসম

assam

ETV Bharat / state

লখিমপুৰৰ নাওবৈছাত বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ

উৎকট গৰমৰ মাজতো ৰাজ্যজুৰি অব্যাহত থকা ব্যাপক লোড শ্বেডিঙৰ বাবে বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা, লখিমপুৰৰ নাওবৈছাত হাতে হাতে লেম্প চাকি আৰু বিচনী লৈ বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ গ্ৰাহকৰ

By

Published : Aug 9, 2019, 3:00 PM IST

লখিমপুৰৰ নাওবৈছাত বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ

লখিমপুৰ, 09 আগষ্টঃ উৎকট গৰমৰ মাজতো ৰাজ্যজুৰি অব্যাহত থকা ব্যাপক লোড শ্বেডিঙৰ বাবে বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা ৷ লখিমপুৰৰ নাওবৈছা বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ সকলো এলেকাত বিদ্যুতৰ লুকাভাকু খেলত অতিষ্ঠ হৈ পৰা গ্ৰাহক সকলে শুকুৰবাৰে হাতে হাতে লেম্প চাকি আৰু বিচনী লৈ বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ক্ষুব্ধ গ্ৰাহক সকলে অসম চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে শীঘ্ৰে বিদ্যুৎ ৰ যোগান নিয়মীয়া কৰিবলৈ দাবী জনায় ৷

লখিমপুৰৰ নাওবৈছাত বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details