লখিমপুৰ, 11 জুন :বিগত কিছু দিন ধৰি দেশত অব্যাহত আছে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ৷ সম্প্ৰতি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য 91.55 টকাৰ বিপৰীতে ডিজেলৰ মূল্য 86.40 টকা ৷ পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে ৰাজ্যজুৰি কংগ্ৰেছ দলৰ প্ৰতিবাদ ৷ পেট্ৰ’পণ্যৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শুকুৰবাৰে লখিমপুৰতো কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷
জিলা কংগ্ৰেছৰ উদ্যোগত নগৰৰ বিভিন্ন পেট্ৰ’ল ডিপোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে । কংগ্ৰেছ বিৰোধী দলত আছে বুলিয়েই যে বিৰোধিতা কৰিছে তেনে নহয় পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত জনসাধাৰণৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ সেয়েহে শীঘ্ৰে পেট্ৰ’পণ্যৰ মূল্য হ্ৰাস কৰি জনগণক সকাহ দিয়াৰ দাবী উত্থাপন কৰে কংগ্ৰেছে ৷