অসম

assam

ETV Bharat / state

বিধ্বংসী শিঙৰা নৈৰ গতি সলোৱাত ব্যস্ত লখিমপুৰ জিলা প্ৰশাসন - লখিমপুৰ জিলা প্ৰশাসন

নাওবৈচাত শিঙৰা নৈৰ গতি সলোৱা কাম আৰম্ভ কৰিছে লখিমপুৰ জিলা প্ৰশাসনে ৷ নৈখনৰ মূল সুঁতি সলনি কৰি অতি শীঘ্ৰেই বানৰ পৰা নাওবৈচাবাসীক সকাহ প্ৰদান কৰিব বুলি জিলা প্ৰশাসনে সদৰি কৰে এই কথা ৷

Lakhimpur district administration trying to change the direction of Singra River
বিধ্বংসী শিঙৰা নৈৰ গতি সলোৱাত ব্যস্ত লখিমপুৰ জিলা প্ৰশাসন

By

Published : Aug 17, 2020, 9:54 PM IST

নাওবৈচা, 17 আগষ্ট: নাওবৈচাবাসীৰ বাবে অভিশাপস্বৰূপ শিঙৰা নৈৰ গতি সলোৱাত ব্যস্ত হৈ পৰিছে লখিমপুৰ জিলা প্ৰশাসন ৷ স্থানীয় যুৱকৰ সহযোগত আৰু জলসম্পদ বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা যুদ্ধংদেহী তৎপৰতাৰে নৈখনৰ মূল সুঁতি সলনিৰ কাম আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷

চাৰিখন ফ্ৰকলেণ্ড আৰু এক্সেভেটৰৰ সহায়ত নৈৰ বুকুত বালি খান্দি আৰম্ভ কৰিছে এই কাম ৷ নৈখনৰ পানী নামনিলৈ বৈ গ’লে ছিঙি নিয়া পথৰ অংশ নিৰ্মাণ কৰি অতি শীঘ্ৰেই ৰাইজক সকাহ দিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে ৷

বিধ্বংসী শিঙৰা নৈৰ গতি সলোৱাত ব্যস্ত লখিমপুৰ জিলা প্ৰশাসন

উল্লেখ্য যে, যোৱা 14 আগষ্টত শিঙৰা নৈৰ বিধ্বংসী বানে চকুৰ পচাৰতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দলহাট সংযোগী গড়কাপ্তানি পথটো প্ৰায় 300 মিটাৰ ছিঙি নি নাওবৈচাৰ 30 খনতকৈও অধিক গাঁও জলমগ্ন কৰি পেলাইছিল ৷ যাৰ ফলত গাঁওবাসীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

লগতে পঢ়ক:কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

ABOUT THE AUTHOR

...view details