লখিমপুৰ,4 এপ্ৰিলঃলখিমপুৰত চিনাক্ত হ'ল এগৰাকী কৰ'ণাত আক্ৰান্ত লোক ৷ লখিমপুৰ জিলাত নিজামুদ্দিনলৈ যোৱা ব্যক্তিৰ দেহত ধৰা পৰিল ক'ৰণা ভাইৰাছ। বাবু আলি নামৰ কৰ'ণাত আক্ৰান্ত ব্য়ক্তিগৰাকী দিল্লীৰ পৰা ২২ মাৰ্চত ঘৰত উপস্থিত হৈছিল। লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগে প্ৰথমে হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিছিল বাবুক কিন্তু এই নিয়ম উলংঘা কৰি বিভিন্ন স্থানত ঘুৰা ফুৰা কৰিছিল যুৱকজনে । কিন্তু যোৱা বৃহস্পতিবাৰে বাবু আলি কৰ'ণাত আক্ৰান্ত বুলি নিশ্চিত কৰিছিল স্বাস্থ্য বিভাগে । ইতিমধ্যে আইচলেচনত ৰখা হৈছে বাবু আলিক ৷ বৰ্তমান বাবুৰ পৰিয়াল আৰু বাবুৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলক চিনাক্ত কৰিবলৈ যো-জা কৰিছে লখিমপুৰ জিলা প্ৰশাসনে।
কৰ'ণাত আক্ৰান্তৰ সন্দৰ্ভত লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে আলোচনা মন্ত্ৰী ৰঞ্জিত দত্তৰ - কৰ'ণাত আক্ৰান্ত
শনিবাৰে লখিমপুৰত চিনাক্ত হ'ল এগৰাকী কৰ'ণাত আক্ৰান্ত লোক ৷ নিজামুদ্দিনলৈ যোৱা বাবু আলি নামৰ ব্যক্তিগৰাকীৰ দেহত ধৰা পৰিল মাৰাত্মক কৰ'ণা ভাইৰাছ ৷ মন্ত্ৰী ৰঞ্জিত দত্তৰ ৰাইজলৈ বিশেষ আহ্বান ৷ লখিমপুৰৰ কৰ'ণাত আক্ৰান্ত ব্য়ক্তিজনৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিক লখিমপুৰ প্ৰশাসনৰ ওচৰত নিজে ধৰা দিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷
মন্ত্ৰী ৰঞ্জিত দত্ত
শনিবাৰে লখিমপুৰত উপস্থিত হৈ জিলা উপায়ুক্তৰ লগত আলোচনাত মিলিত হৈ এই তথ্য সদৰী কৰে মন্ত্ৰী ৰঞ্জিত দত্তই। বাবু আলিৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিক জিলা প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী ৰঞ্জিত দত্তই ।
লগতে পঢ়কঃভাৰতৰ ক'ভিড-19 ৰ শেহতীয়া পৰিসংখ্যা !