অসম

assam

By

Published : May 24, 2021, 11:11 AM IST

ETV Bharat / state

লখিমপুৰত বৰ্তমানলৈকে কৰ’ণাত মৃত্যু 29 গৰাকীৰ

লখিমপুৰত কেইবাটাও স্থানত ক’ৰণাৰ গণ সংক্ৰমণ ঘটাত 13 টাকৈ স্থানক প্ৰশাসনে কন্টেইনমেন্ট জ'ন ঘোষণা কৰি পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰিছে ।

lakhimpur covid update
লখিমপুৰত দেওবাৰে ক’ৰণাত ২৯ গৰাকীৰ মৃত্যু, আক্ৰান্ত ২,৪২২ গৰাকী

লখিমপুৰ, 24 মে’ : লখিমপুৰ জিলাত ক’ৰণাৰ দ্বিতীয়টো ঢৌৱে বিভীষিকাময় পৰিবেশৰ সৃষ্টি কৰিছে । জিলাখনত দেওবাৰলৈকে 2422 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 29 গৰাকীৰ ৷ ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা ক’ৰণাৰ সকলো নীতি নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ পাছতো জিলাখনত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই । নিতৌ প্ৰায় শতাধিক লোক ক’ভিড পজিটিভ বুলি চিনাক্ত হৈছে ।

লখিমপুৰত দেওবাৰে ক’ৰণাত ২৯ গৰাকীৰ মৃত্যু, আক্ৰান্ত ২,৪২২ গৰাকী

লখিমপুৰত কেইবাস্থানত ক’ৰণাৰ গণ সংক্ৰমণ ঘটাত 13 টাকৈ স্থানক প্ৰশাসনে কন্টেইনমেন্ট জ'ন ঘোষণা কৰি পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰিছে । কিন্ত ইয়াৰ পাছতো জিলাখনত নিতৌ ন ন অঞ্চলত এনে সমস্যাৰ উদ্ভৱ হৈছে । লখিমপুৰত এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি সচেতন মহলে কমেও দুটা পষেকৰ বাবে সম্পূর্ণ লক ডাউনৰ ঘোষণা কৰাৰ পোষকতা কৰিছে । উল্লেখ্য যে, লখিমপুৰত ক’ভিডৰ প্ৰথমটো ঢৌত 8052 জন লোক আক্ৰান্ত হোৱা লগতে মৃত্যু হৈছিল 52 গৰাকী লোকৰ ৷

লগতে পঢ়ক :সুখবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা

ABOUT THE AUTHOR

...view details