অসম

assam

ETV Bharat / state

লখিমপুৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৯৩০ জনলৈ বৃদ্ধি - লখিমপুৰ স্বাস্থ্য খণ্ড

লখিমপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ । জিলাখনত বৰ্তমানলৈকে ৯৩০ জন লোক মহামাৰীৰ কবলত পৰিছে । মাত্ৰ এটা দিনত জিলাখনত কৰ'ণাত আক্ৰান্ত হৈছে ১১৭ জন ।

LAKHIMPUR COVID CASES
লখিমপুৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ভিড-১৯ৰ সংক্ৰমণ

By

Published : May 8, 2021, 10:44 AM IST

লখিমপুৰ,8 মে': চৌদিশে কালৰূপী কৰ'ণাৰ সংহাৰ । প্ৰতিদিনে বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ । মহামাৰীয়ে মৃত্যুমুখলৈ ঠেলি দিছে হাজাৰ হাজাৰ লোকক । সমগ্ৰ দেশ তথা বিশ্বতে এতিয়া মহামাৰীৰ সংকটে ভয়াৱহ ৰূপ লৈছে । অসমতো ক'ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে শ শ লোক । ৰাজ্যৰ আন আন জিলাসমূহৰ সমান্তৰালকৈ লখিমপুৰ জিলাতো প্ৰত্যেক দিনাই আক্ৰান্তৰ সংখ্যা উৰ্দ্ধগামী হৈ আছে ৷

শুকুৰবাৰে জিলাখনত ১১৭ জনকৈ লোক মহামাৰীৰ কবলত পৰে ৷ মাত্ৰ এটা দিনতে বিহপুৰীয়া স্বাস্থ্য খণ্ডত ৩৪ জন, বগীনদী স্বাস্থ্য খণ্ডত ১৫ জন, ঢকুৱাখনা স্বাস্থ্য খণ্ডত ১২ জন, উত্তৰ লখিমপুৰ স্বাস্থ্য খণ্ডত ৩৬ জন, ধলপুৰ স্বাস্থ্য খণ্ডত ৭ জন আৰু লখিমপুৰ নগৰত ৪ জনৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

আনহাতে, লখিমপুৰত যোৱা ১ এপ্ৰিলৰ পৰা ৭ মে' পৰ্যন্ত ১১ জন ৰোগীয়ে কৰ'ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । মৃত্যু হোৱা লোকসকলৰ অধিকাংশই জ্যেষ্ঠ লোক আৰু তেওঁলোক মধুমেহ, ৰক্তচাপ, যকৃৎ আৰু বৃক্কৰ ৰোগতো আক্ৰান্ত হৈ আছিল ৷ আনহাতে, বৰ্তমান মহামাৰীত আক্ৰান্ত লোকসকলৰ ভিতৰত মাত্ৰ ১৩ জন ক'ভিড হাস্পতালত চিকিৎসাধীন হৈ থকাৰ লগতে আন ৰোগীসকল হোম আইছ'লেছনত আছে ৷

জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে জানিবলৈ দিয়া মতে, কৰ'ণা প্ৰতিৰোধৰ বাবে জিলা স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু হৈ আছে ৷ সাৱধানতা অৱলম্বন কৰাৰ সম্পৰ্কত ৰাইজক বাৰম্বাৰ সতৰ্ক কৰি থকা হৈছে যদিও এচাম কাণ্ডজ্ঞানহীন লোকৰ বাবে লখিমপুৰত অব্যাহত হৈ আছে গণ সংক্ৰমণ ৷ যোৱা ২ মে'ত বঙালমৰা ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ সমীপতে আয়োজিত এক বিবাহ অনুষ্ঠানত উপস্থিত থকা ২২ জনৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

লখিমপুৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ভিড-১৯ৰ সংক্ৰমণ

প্ৰশাসনে ইতিমধ্যে "নেওগ চুক" মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি চুবুৰীটোলৈ অহা-যোৱা বন্ধ কৰিছে ৷ আৰক্ষী প্ৰশাসন আৰু চুবুৰীয়াৰ পৰা জানিব পৰা মতে, প্ৰশাসনৰ অনুমতি সাপেক্ষে বিয়াখন পাতিছিল যদিও বহু লোকৰ সমাগম হৈছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত ৷ বৰ্তমানলৈকে ৮০ জনৰ ৰেপিড টেষ্ট কৰোৱা হৈছে আৰু তাৰ ভিতৰত ২২ জনৰ আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে ।

আনহাতে দৰাৰ ঘৰ লালুক এঘাৰ মাইলত ৷ এতিয়ালৈকে দৰা ঘৰৰ বিবাহস্থলীত কোনো লোক আক্ৰান্ত হোৱাৰ খবৰ পোৱা নাই যদিও আশংকা দূৰ হোৱা নাই ৷ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম জলাঞ্জলি দি অধিক সংখ্যক লোকৰ উপস্থিতিত এনেদৰে অনুষ্ঠান আযোজিত হৈ থাকিলে পৰিস্থিতি অৱনতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: মৰিগাঁৱত 3 টা কণ্টেইনমেণ্ট জ’ন ঘোষণা

ABOUT THE AUTHOR

...view details