অসম

assam

ETV Bharat / state

CM family land grabbing case: লখিমপুৰত মুখ্যমন্ত্রীৰ পৰিয়ালৰ বিৰুদ্ধে পুনৰ সৰৱ কংগ্রেছ - বিৰোধী কংগ্ৰেছে ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিব

প্ৰায় এমাহ ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীকলৈ (CM family land grabbing case) প্ৰতিবাদ হোৱা দেখা গৈছে । লখিমপুৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী সম্পৰ্কে কংগ্ৰেছৰ সংবাদমেল । পুনৰ বিৰোধী কংগ্ৰেছে ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিব ।

Congress
লখিমপুৰত মুখ্যমন্ত্রীৰ পৰিয়ালৰ বিৰুদ্ধে পুনৰ সৰৱ কংগ্রেছ

By

Published : Feb 2, 2022, 3:39 PM IST

লখিমপুৰ,২ ফেব্ৰুৱাৰী :অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ (CM family land grabbing case) ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে । পুনৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে । লখিমপুৰত মঙলবাৰে প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীক কেলেংকাৰীৰ মহানায়কৰ আখ্যা দিলে কংগ্ৰেছে ।

কংগ্ৰেছ নেতা অজয় ফুকন, স্বপন মণ্ডলকে ধৰি বহু নেতা-কৰ্মীয়ে এক সংবাদমেল সম্বোধন কৰে (Lakhimpur congress press meet against CM)। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰে কংগ্ৰেছ নেতাসকলে । উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা সমগ্ৰ ঘটনা তদন্ত হোৱাটো বিচাৰে প্ৰদেশ কংগ্ৰেছে ।

লখিমপুৰত মুখ্যমন্ত্রীৰ পৰিয়ালৰ বিৰুদ্ধে পুনৰ সৰৱ কংগ্রেছ

তদন্ত নোহোৱা পৰ্যন্ত কংগ্রেছ দলে আন্দোলন অব্যাহত ৰাখিব বুলিও স্পষ্ট কৰি দিয়ে । কংগ্ৰেছ দলে প্ৰতিবাদ দিল্লীলৈও প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰে কংগ্রেছৰ নেতাসকলে । অহা ৩ ফেব্ৰুৱাৰীত লখিমপুৰত কংগ্রেছৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও তেওঁলোকে উল্লেখ কৰে ।

জিলা কংগ্রেছৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত তেওঁলোকে এই কথা সদৰি কৰে । সংবাদমেলত জিলা কংগ্রেছৰ সভাপতি প্ৰদীপ গগৈকে ধৰি প্ৰশান্ত গগৈ, গংগাজ্যোতি টায়েগাম, হাফিজা বেগম আদি কংগ্রেছৰ নেতা-কৰ্মীয়েও অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক :ওপজা দিনৰ আনন্দ : মাজুলীৰ শিশুৰে আজি মুখ্যমন্ত্ৰীৰ নৈশভোজন

For All Latest Updates

ABOUT THE AUTHOR

...view details