অসম

assam

ETV Bharat / state

2nd Veterinary College in Assam: লখিমপুৰত স্থাপিত পশু চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে লখিমপুৰত স্থাপিত ৰাজ্যৰ দ্বিতীয়খন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে (Lakhimpur College of Veterinary Science inaugurated by Himanta Biswa Sarma) ৷

By

Published : Feb 15, 2022, 5:32 PM IST

cm-himanta-biswa-sarma-inaugurate-2nd-vertinary-college-in-lakhimpur
লখিমপুৰত দ্বিতীয়খন পশু চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে মুকলি

লখিমপুৰ, 15 ফেব্ৰুৱাৰী : মঙলবাৰে কেবাটাও কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় লখিমপুৰত ৷ লখিমপুৰত উপস্থিত হৈ জহিংস্থিত ৰাজ্যৰ দ্বিতীয়খন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma inaugurates 2nd Vertinary College in Lakhimpur) ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক কেৱল চাকৰিমুখী নহৈ সংশ্লিষ্ট ক্ষেত্ৰত উৎপাদনৰ সৈতে জড়িত হৈ নিজৰ লগতে আন দহজনৰো সংস্থাপনৰ দিহা কৰাৰ বাবে জনালে আহ্বান । লগতে চাহ, তেল, কয়লাৰ বাদে অসমে আন সকলো সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি অসমৰ উৎপাদনশীল পথাৰখন অতি সাৰুৱা বুলি মন্তব্য কৰি এই ক্ষেত্ৰখনত নৱ প্ৰজন্মক আত্মনিয়োগ হ’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লখিমপুৰত দ্বিতীয়খন পশু চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে মুকলি

ইয়াৰোপৰি ভাষণ প্ৰসংগত, ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন আচনি সম্পৰ্কেও বাখ্যা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা , অমিয় কুমাৰ ভূঞা আদিও উপস্থিত থাকে । উল্লেখ্য যে, জহিংস্থিত ৰাজ্যৰ এই দ্বিতীয় পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খনত বিগত কেইবছৰ মানৰ পৰা পাঠদান হৈ আহিছিল যদিও আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাছিল ।

লগতে পঢ়ক :ক'ভিড বিধি প্ৰত্যাহাৰ কৰি খোল খালে ৰাজ্যৰ বিদ্যালয়

For All Latest Updates

ABOUT THE AUTHOR

...view details