দুজন চিকিৎসকৰে চলিছে লখিমপুৰ অসামৰিক চিকিৎসালয় - poor
220 খন বিছনাযুক্ত লখিমপুৰ অসামৰিক চিকিৎসালয়ত মাত্ৰ দুজন চিকিৎসকে কৰিব লগা হৈছে শ শ ৰোগীৰ চিকিৎসা
লখিমপুৰ, 24 জুলাইঃ লখিমপুৰ অসামৰিক চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসকৰ অভাৱত ৰোগীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বানপানীৰ পাছত এতিয়া বানাক্ৰান্তৰ মাজত বিভিন্ন ৰোগে দেখা দিয়াৰ লগতে বিভিন্নজন আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত যাৰ বাবে চিকিৎসালয় খনৰ ভিতৰে বাহিৰে ৰোগীয়ে ভিৰ কৰিব লগা হৈছে ৷ কিন্তু আশ্চৰ্যজনক কথা যে, 220 খন বিছনাযুক্ত লখিমপুৰ অসামৰিক চিকিৎসালয়ত মাত্ৰ দুজন চিকিৎসকে শ শ ৰোগীৰ চিকিৎসা কৰিব লগা হৈছে ৷ ইয়াৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি চিকিৎসকৰ বাবে অপেক্ষা কৰি অতিষ্ঠ হৈ পৰিছে ৰোগীৰ লগতে অভিভাৱকসকল ৷