লখিমপুৰ, 10 ডিচেম্বৰঃশত শত অসমীয়া জনতাৰ আবেগ-অনুভূতি আৰু প্ৰতিবাদক ভৰিৰে মোহাৰি সোমবাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ এই বিধেয়ক গৃহীত হোৱাৰ পাচতেই ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে বিধেয়ক বিৰোধী আন্দোলন ৷ উত্তৰ-পূৱৰ ছাত্ৰ সংগঠন নেছ'য়ে আহ্বান জনাৱা 12 ঘন্টীয়া উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে ৰাজ্যৰ ভিন্ন স্থানত ৷ লখিমপুৰতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে দল-সংগঠন ৷ ৰাজ্যসভাত কেব গৃহীত হ'লে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ সংগঠন সমূহৰ ৷ পুৱাৰে লখিমপুৰত দোকান-পোহাৰ বন্ধ থকাৰ লগতে বন্ধ হৈ আছে যান-বাহনৰ চলাচল ৷
বন্ধৰ মাজতে মঙলবাৰে পুৱা লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ ঘৰ ঘেৰাও কৰে একাংশ আছু কৰ্মীয়ে ৷ অসম গণ পৰিষদৰ কাৰ্যালয়ৰ সমুখৰ পৰা বিধায়ক উৎপল দত্তৰ ঘৰলৈ পদ যাত্ৰা কৰি ঘৰ ঘেৰাও কৰে আছু কৰ্মীসকলে ৷ উৎপল দত্তৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান দি বিধায়কগৰাকীক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ লগতে আছু সদস্যই ঘেৰাও কৰে লখিমপুৰৰ বিজেপি সভাপতি ফণী বৰুৱাৰ বাসগৃহ ৷