অসম

assam

ETV Bharat / state

বছৰৰ প্ৰথমটো বানৰ কৱলত লখিমপুৰ, ৰঙানদীয়ে উটুৱাই নিলে দলং - ৰঙানৈ

ৰঙানৈৰ বানত উটি গ'ল বালিগাও খাৰকাটি আদি বহুকেইখন গাঁওক পানীগাৱৰ সৈতে সংযোগ কৰা একমাত্ৰ বাহৰ দলংখন । নৈৰ সোঁতৰ উটি গ'ল দলং খনৰ দুয়োটা মুৰ । প্ৰায় 10 খনতকৈ গাৱৰ ৰাইজ পাৰাপাৰ হোৱা দলংখন উটুৱাই নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰীয়া ৰাইজৰ মাজত ৷

বছৰৰ প্ৰথমটো বানৰ কবলত লখিমপুৰ

By

Published : Jun 17, 2019, 11:25 PM IST

বছৰৰ প্ৰথমটো বানৰ কবলত লখিমপুৰ

লখিমপুৰ, 17 জুনঃ প্ৰথটো বানত লখিমপুৰ বিভীষিকা । বহু অঞ্চলত সোমাল নৈ ঢল । ৰঙানৈৰ বানে উটুৱাই নিলে দলং ৷ খাৰকাটিত হাহাকাৰ নৈ পৰীয়া ৰাইজৰ । শনিবাৰে নিশাৰে পৰা ধাৰাসাৰে বৰষুণৰ ফলত বাঢ়িছে নৈৰ জলপৃষ্ঠ লখিমপুৰৰ বিভিন্ন অঞ্চলৰ ক্ষতিসাধন কৰিলে বাৰিষাৰ প্ৰথমটো বানে । ৰঙানৈৰ বানত উটি গ'ল বালিগাও খাৰকাটি আদি বহুকেইখন গাঁও পানীগাৱৰ সৈতে সংযোগ কৰা একমাত্ৰ বাহৰ দলংখন । নৈৰ সোঁতৰ উটি গ'ল দলং খনৰ দুয়োটা মুৰ । প্ৰায় 10 খনতকৈ গাৱৰ ৰাইজ পাৰাপাৰ হোৱা দলংখন উটুৱাই নিয়াত হাহাকাৰ নৈ পৰীয়া ৰাইজৰ ।
উল্লেখ্য যে, বিগত অক্টোবৰ মাহত ৰাইজে গাঁঠিৰ ধন ভাঙি সাজি উলিয়াইছিল প্ৰায় 40 ফুট দৈঘ্যৰ দলংখন । বছৰ বছৰ ধৰি চৰকাৰ জনপ্ৰতিনিধিক অনুনয় বিনোনয় কৰিও ৰাইজে নাপালে ৰঙানদীৰ ওপৰত এখন স্থায়ী পকী দলং । যাৰ বাবে বাহৰ দলং সাজিয়েই যাতায়ত কৰিব লগা হৈছিল স্থানীয় ৰাইজ তথা শিক্ষাৰ্থী ৷ কিন্তু নৈৰ বানত সোমবাৰে বাহৰ দলংখন উটি যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷

ABOUT THE AUTHOR

...view details