অসম

assam

ETV Bharat / state

'Assam Book Of Record'ত নাম সন্নিৱিষ্ট হ'ল নাওবৈচাৰ দীপাংকৰ বৰাৰ

কাঠ পেঞ্চিলত খোদিত হ'ল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত। লখিমপুৰৰ নাওবৈচাৰ দীপাংকৰ বৰাৰ অনন্য সৃষ্টি। সুধাকণ্ঠৰ 'মানুহে মানুহৰ বাবে' শীৰ্ষক গীতটি ১৬ ডাল কাঠ পেঞ্চিলত অতি ক্ষুদ্ৰ আকাৰে লিখি 'অসম বুক অৱ ৰেকৰ্ড'ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল নাওবৈচাৰ দীপাংকৰ বৰাই।

'অসম বুক অৱ ৰেকৰ্ড'ত নাম সন্নিৱিষ্ট হ'ল নাওবৈচাৰ দীপাংকৰ বৰাৰ
'অসম বুক অৱ ৰেকৰ্ড'ত নাম সন্নিৱিষ্ট হ'ল নাওবৈচাৰ দীপাংকৰ বৰাৰ

By

Published : Nov 5, 2020, 8:16 PM IST

নাওবৈচা, ৫নৱেম্বৰ: নিজৰ অভিনৱ শিল্পকৰ্মৰে 'অসম বুক অৱ ৰেকৰ্ড'ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল নাওবৈচাৰ দীপাংকৰ বৰাই। কাঠ পেঞ্চিলত অতি ক্ষুদ্ৰ আকাৰে লিখিলে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'। নাওবৈচা কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্র দীপাংকৰ বৰাই লকডাউনৰ সময়ত ঘৰত থাকোতে মনলৈ আহিছিল কাঠ পেঞ্চিলত এনেদৰে গীত লিখাৰ অভিনৱ চিন্তা।

'অসম বুক অৱ ৰেকৰ্ড'ত নাম সন্নিৱিষ্ট হ'ল নাওবৈচাৰ দীপাংকৰ বৰাৰ

দীপাংকৰৰ এই ব্যতিক্রমী চিন্তাই আজি গতি পালে। শিল্পীসুলভ প্ৰতিভাৰ পৰিচয় দি অতি ক্ষুদ্ৰ আকাৰত ১৬ ডাল কাঠ পেঞ্চিলত লিখিলে 'মানুহে মানুহৰ বাবে' শীৰ্ষক গীতটি। কাঠ পেঞ্চিলৰ গ্ৰেণাইটে শব্দৰ ৰূপ পালে। গীতটি লিখি 'Assam Book Of Record' কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে আৰু দীপাংকৰৰ নাম নিৰ্বাচিত হয়।

'অসম বুক অৱ ৰেকৰ্ড'ত নাম সন্নিৱিষ্ট হ'ল নাওবৈচাৰ দীপাংকৰ বৰাৰ

দীপাংকৰ এই সফলতাই বানবিধস্ত নাওবৈচা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে সকলোকে আনন্দিত কৰি তুলিছে। দীপাংকৰে এই শিল্পৰ উপৰিও বিভিন্ন বিশিষ্ট ব্যক্তিৰ চিত্ৰ অংকন কৰিও ভাল পায়।

'অসম বুক অৱ ৰেকৰ্ড'ত নাম সন্নিৱিষ্ট হ'ল নাওবৈচাৰ দীপাংকৰ বৰাৰ

ভৱিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ কিছু ব্যতিক্ৰমী চিন্তা-চৰ্চা অব্যাহত ৰাখিছে দীপাংকৰ বৰাই। ছাত্ৰজনৰ এনে প্ৰচেষ্টাই নৱ প্ৰজন্মক নিশ্বয়কৈ কৰিব উৎসাহিত ।
লগতে পঢ়ক:দৰঙত ভাৰতীয় ষ্টেট বেংকৰ লোন মেলা

ABOUT THE AUTHOR

...view details