অসম

assam

ETV Bharat / state

মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিলৰ দাবীৰে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে - bihu celebration

লখিমপুৰৰ কুটুহীগুৰিবাসী ৰাইজে ভোগালী বিহু উপলক্ষে লগে ভাগে এসাজ খোৱাৰ লগতে আয়োজন কৰিছে ব্যতিক্ৰমী কাৰ্যসূচী ৷

মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিল সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে
মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিল সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে

By

Published : Jan 13, 2020, 10:32 AM IST

লখিমপুৰ, 13 জানুৱাৰীঃপ্ৰতিবাদ-আন্দোলনৰ মাজতে কাইলৈ ভোগালী বিহুৰ উৰুকা ৷ বিহুৰ প্ৰস্তুতিত ব্যস্ত প্ৰতিগৰাকী অসমীয়া ৷ ভোগালী বিহুৰ উৰুকা উপলক্ষে লখিমপুৰৰ কুটুহীগুৰিত প্ৰায় এশ ঘৰ মানুহে একগোট হৈ আয়োজন কৰিছে ভোজ আৰু কিছু ব্যতিক্ৰমী কাৰ্যসূচীৰ ৷

ইতিমধ্যে গাঁৱৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ ৷ উৰুকাৰ নিশা গাঁওবাসীয়ে একেলগে এসাজ খাব এই ব্যতিক্ৰমী ভেলাঘৰত ৷ ইয়াৰ লগতে বিহুৰ দিনা পুৱা সমগ্ৰ গাঁওবাসীয়ে মেজিৰ জুইক সাক্ষী কৰি CAA বাতিলৰ দাবীৰে নিজৰ সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প গ্ৰহণৰ কথা প্ৰকাশ কৰে ৷

মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিলৰ সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে

লগতে পঢ়কঃ মা কামেশ্বৰী আৰু কামেশ্বৰদেৱৰ বিবাহৰ বাবে নীলাচলৰ বুকুত ভক্তৰ পদধূলা

ABOUT THE AUTHOR

...view details